লখিমপুৰ, সংবাদ ৩৬৫, ৭ অক্টোবৰ: লখিমপুৰৰ নাৰায়নপুৰত নকল সোনৰ নাওসহ আটক হয় চাৰিজন লোক। এক গোপন খবৰৰ ভিত্তিত শনিবাৰে নিশা নাৰায়নপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীননাথ মিলিৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলায় ৷ তালাচীৰ সময়ত এখন বলেৰো বাহনত চাৰিজন লোকৰ ওপৰত সন্দেহ ওপজাত আৰক্ষীয়ে বাহনখনত তন্ন-তন্নকৈ তালাচী চলোৱাত এটা নকল সোনৰ মূৰ্তি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ইফালে বাহন খনত চাৰি সৰবৰাহকাৰী ক্ৰমে শিউপজন সিং, মহম্মদ আলি, দিপক মিশ্ৰ আৰু শিৱ বাহাদুৰক আটক কৰে আৰক্ষীয়ে ৷ ইফালে ধৃত লোক কেইজনে দিয়া স্বীকাৰোক্তি অনুসৰি তেওঁলোকে সোনৰ মূৰ্তিটো বঙালমৰাৰ পৰা ক্ৰয় কৰি লৈ গৈ আছিল ৷ উক্ত স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে বঙালমৰাত অভিযান চলায় যদিও নকল সোন বিক্ৰী কৰা চক্ৰটোৰ কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহয় ৷