নৱজোতি বৰুৱা

চামগুৰি 

৯ অক্টোবৰ

শাসকীয় দলৰ লোকক অৰুনোদই আঁচনিৰ সুবিধা প্ৰদনা কৰাৰ গুৰুত্বৰ অভিযোগ। পঞ্চায়তৰ ৱাৰ্ড সদস্য আৰু সভাপতিৰ বিৰুদ্ধে এই অভিযোগ স্থানীয় ৰাইজৰ।

 

বিজেপি চৰকাৰক অৰুনোদই আঁচনিৰ নামৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈ থকাৰ মাজতে নগাঁও জিলাৰ চামগুৰিৰ অন্তৰ্গত ভেলেউগুৰি পঞ্চায়তত শাসকীয় দলৰ লোককহে অৰুনোদই আঁচনিৰ সুবিধা প্ৰদনা কৰাৰ গুৰুত্বৰ অভিযোগ উথাপিত হৈছে। পঞ্চায়তটোৰ ৱাৰ্ড সদস্য আৰু সভাপতি গৰাকীয়ে প্ৰকৃত হিতাধিকাৰী, বিধবা মহিলা আৰু বিকলাংগ সকলক অগ্ৰাধিকাৰ প্ৰদান নকৰি বিজেপি দলৰ লোককহে অৰুনোদই আঁচনিৰ সুবিধা প্ৰদনা কৰাৰ চেষ্টা চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। পঞ্চায়তটোত অৰুনোদই আঁচনিৰ নামত সংঘটিত হোৱা এই অনিয়মৰ বিৰুদ্ধে শতাধিক মহিলা ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী মহিলা সকলে “অৰুণোদয় আঁচনি বন্ধ কৰক”, “অৰুনোদই আঁচনিৰ নামত অনিয়ম নচলিব” আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

উল্লেখ্য যে অৰুনোদই আঁচনিৰ নামত নগাঁও জিলাৰ চামগুৰিৰ পঞ্চায়তসমূহত ব্যাপক অনিয়ম চলি থকাৰ অভিযোগ উথাপিত হৈ আছে। বহু পাবলগীয়া হিতাধিকাৰীয়ে আঁচনিৰ সুবিধা নোপোৱাৰ অভিযোগ উঠিছে চামগুৰিৰ পঞ্চমসমূহত। প্ৰকৃতে পাবলগীয়া হিতাধিকাৰীয়ে আঁচনিৰ সুবিধা লাভ নকৰিলে অৰুনোদই আঁচনি বন্ধ কৰি ৰাখিবলৈকে দাবী জনায় প্ৰতিবাদ কাৰী মহিলা সকলে।