কুন্দন ভৰালী

নগাঁও

২২ অক্টোবৰ

এইবাৰ শাৰদীয় দূৰ্গোৎসৱত নগাঁওবাসীৰ বাবে চৰকাৰে আগবঢ়াইছে তিনিটাকৈ বিশেষ উপহাৰ। সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই সংবাদ মাধ্যমক জনালে এই কথা।

পূজাৰ বতৰত নগাঁওবাসীলৈ তিনিটা বিশেষ উপহাৰ। পূজা উপলক্ষে এইবাৰ নগাঁও চহৰক নতুন ৰূপত দেখিবলৈ পাব অসমবাসীয়ে। বিগত ৩০ বছৰে নিৰ্মীয়মান অৱস্থাত থকা ভূঁঞাপট্টিৰ দলং মুকলি হোৱাৰ লগে লগে নগাঁও চহৰত হ্ৰাস পাব যানযটৰ সমস্যা। কাৰণ নগাঁও চহৰৰ পৰা গুৱাহাটীলৈ যাবৰ বাবে বিকল্প পথ মুকলি হ’ব এই দলংখন মুকলি হোৱাৰ লগে লগে। লগতে নগাঁও চহৰত প্ৰায় ৮ কিলোমিটাৰ পথ ডিভাইদাৰ আৰু ষ্ট্ৰীটলাইতৰ শুভাৰম্ভও হ’ব সপ্তমীৰ দিনটোত। মন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিব এই ষ্ট্ৰীটলাইট আৰু দলঙৰ। নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই সংবাদ মাধ্যনক এয়া নগাঁওবাসীৰ বাবে পূজাৰ উপহাৰ বুলিও মন্তব্য কৰে।

আনহাতে সপ্তমীৰ দিনটোতে নগাঁও চহৰত প্ৰজ্বলিত হ’ব ৩২ টাকৈ হাইমাস্ক লাইত। মন্ত্ৰী পিযুষ হাজৰিকাই মুকলি কৰিব এই আঁচনি। মুঠতে এইবাৰ পূজাত নগাঁও চহৰক নতুন ৰূপত দেখিবলৈ পাব অসমবাসীয়ে।