আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

২৪ অক্টোবৰ

চাৰিশ বছৰীয়া পৰম্পৰা ভংগ। শিৱসাগৰৰ দেৱী দ’লত এইবাৰ অনুষ্ঠিত নহয় সম্প্ৰীতিৰ উদাহৰণ। মুছলমান ধৰ্মীয় দৌল্লা পৰিয়ালক কভিডৰ বাবে আনুষ্ঠানিকভাৱে প্ৰদান নকৰে পূজাৰ ছাগলী। নিয়ম ৰক্ষা কৰি নৱমীৰ দিনা প্ৰদান কৰিব শৰাই। কভিড ১৯ ৰ বাবেই ভংগ হোৱাৰ দিশে প্ৰায় ৪০০ বছৰীয়া এক পৰম্পৰা৷ কৰ’ণা মহামাৰীৰ বাবেই এইবাৰ মুছলমান ধৰ্মীয় দৌল্লা পৰিয়ালক নৈবদ্য হিচাপে আগবঢ়াই অহা বলিৰ ছাগলী আগনবঢ়াই দৌল পৰিচালনা সমিতিয়ে৷

উল্লেখ্য যে, শিৱসাগৰৰ দেৱী দ’ল আধ্যাত্মিক দিশৰ লগতে ঐতিহাসিক দিশৰ পৰা অসমৰ এক উল্লেখযোগ্য সম্পদ। প্ৰায় ৪০০ বছৰৰ আগত নিৰ্মাণ কৰা শিৱসাগৰ নগৰস্থিত দেৱী দ’ল বিশ্বাস-ভক্তি-আস্থাৰ অন্যতম প্ৰতীক। প্ৰতি বছৰে দুৰ্গা পূজাৰ সময়ত এই দ’লত মা দুৰ্গাৰ প্ৰতি ভক্তি প্ৰদৰ্শনৰ বাবে অহা ভক্ত ৰাইজৰ ভিৰে এই দ’লৰ মাহাত্ম্য প্ৰকাশ কৰি আহিছে। স্বৰ্গদেউ শিৱ সিংহৰ দিনত বৰৰজা অম্বিকাই এতিয়াৰ শিৱসাগৰ নগৰ তথা তেতিয়াৰ কলঞ্চুপৰীয়া গাঁৱত এক বৃহৎ পুখুৰী খন্দোৱাই নিৰ্মাণ কৰিছিল তিনিটা দ’ল। শিৱ দ’ল, দেৱী দ’ল আৰু বিষ্ণু দ’ল।এই তিনিওটা দ’লেই নিজ নিজ ভক্তৰ বিশ্বাস-ভক্তিৰ মানত অদ্বিতীয়। তথাপিও শিৱসাগৰৰ দেৱী দ’লৰ মহিমা যেন অন্যান্য।সদা জাগ্ৰত বুলি জনাজাত এই দ’লৰ প্ৰতি মানুহৰ ভক্তি বছৰ বছৰ ধৰি অটুট হৈ আছে। দুৰ্গা পূজাৰ সময়ত এই দ’লত বলি বিধানৰ মাজেৰে এক বিশেষ ভক্তিভাৱ পৰিৱেশৰ সৃষ্টি হয় কিন্তু এনে বিশ্বাস ভক্তিৰ ওপৰিও এই দ’ল পৰিগণিত হৈ আহিছে অন্য এক পৰম্পৰাৰ বাবে, সম্প্ৰীতিৰ পৰম্পৰা, অসমীয়া সমাজ জীৱনৰ এনাজৰীৰ পৰম্পৰাৰ বাবে। দ’ল প্ৰতিষ্ঠাৰ সময়তে শিৱসাগৰ নগৰৰ ধাই আলিৰ মুছলমান ধৰ্মাৱলম্বীৰ দৌল্লা পৰিয়ালক দ’লৰ মাঙ্গলিক কাৰ্যত ঢাক বজাবৰ বাবে নিয়োগ কৰা হৈছিল। ইয়াৰ বাবে দৌল্লা পৰিয়াল দেৱী দ’লৰ এক বিশেষ অংশ হৈ পৰিছিল। এনে মাঙ্গলিক সেৱাৰ বাবে দৌল্লা পৰিয়ালক দুৰ্গা পূজাৰ অষ্টমীৰ বৰ বলিৰ এক নৈবদ্য জীৱন্ত ছাগলী প্ৰদানৰ পৰম্পৰা চলি আহিছে৷ এই পৰম্পৰা ধৰ্মীয় সহিষ্ণুতাৰ দিশত সমগ্ৰ ভাৰততে বিৰল। যাৰ বাবে প্ৰতি বছৰে দুৰ্গা পূজাৰ সময়ত আলোচনা হয় শিৱসাগৰৰ দেৱী দ’ল আৰু দৌল্লা পৰিয়ালৰ শতিকা পুৰণি সম্পৰ্ক, অসমৰ ধৰ্মীয় সম্প্ৰীতিৰ এনাজৰী, বিশ্বাস আৰু মানুহৰ গুৰুত্ব। প্ৰতি বছৰে এনে পৰম্পৰা পালন হৈ আহিছে যদিও এইবাৰ কৰ’ণা ভাইৰাছৰ আতংকৰ বাবে এই পৰম্পৰা স্থৱিৰ হৈ পৰিল। চৰকাৰৰ কভিড প্ৰট’কল, মানুহৰ ভয় আদিৰ বাবে এইবাৰ যিদৰে আন আন পূজাৰ দৰে দেৱী দ’লৰ পূজা স্তিমিত হৈ পৰিল লগতে স্থৱিৰ হৈ পৰিল সম্প্ৰীতিৰ উদাহৰণ।

এই বছৰ দ’ল উন্নয়ণ সমিতিয়ে আন বছৰৰ দৰে আনুষ্ঠানিকতা ৰক্ষা কৰি আড়ম্বৰপূৰ্ণভাৱে এই বলি নৈৱৰ্দ্য প্ৰদান কাৰ্যসূচী ৰূপায়ণ নকৰে। এইবাৰ দ’ল সমিতিৰ তৰফৰ পৰা নৱমীৰ দিনা মুছলমান ধৰ্মীয় দৌল্লা পৰিয়াললৈ প্ৰদান কৰা হ’ব এক নিয়ম মাফিক শৰাই। আনহাতে এনে সম্প্ৰীতিৰ পৰম্পৰা মাজে মাজে ব্যাহত হয়।এই বছৰো ব্যাহত হৈছে। যি বিষয়ক লৈ সুখী নহয় দৌল্লা পৰিয়াল। আহোম ৰজাৰ দিনৰ পৰা চলি অহা এনে এনাজৰী অধিক মজবুত হোৱাৰ কামনা কৰিছে মুছলমান ধৰ্মীয় দৌল্লা পৰিয়ালে।