বিশ্বনাথ চাৰিআলি, সংবাদ ৩৬৫, ৫ মে’ : -বিশ্বনাথ চাৰিআলি পৰা গহপুৰক লৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথক লৈ এতিয়া অতিষ্ঠ হৈ পৰিছে ৰাইজ । ৰাষ্ট্ৰীয় ঘাইপথটোৰ প্ৰায় ৬০ কিঃমিঃ পথ চোৱাৰ অধিকাংশ স্থানতেই মৰণফান্দত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাত জনসাধাৰণে যমৰ যান্ত্ৰনা ভুগী আহিছিল দীৰ্ঘদিন ধৰি ।

উক্ত পথটোৰ মেৰামতিৰ দাবী জনাইছিল ৰাইজে জিলা প্ৰশাসনক। কিন্তু ৰাইজৰ কথাত জিলা প্ৰশাসন কিম্বা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ গা নলৰিল । তাৰ পৰিৱৰ্তে দেওবাৰে পুৱাৰে পৰা বিশ্বনাথৰ ৰতোৱাৰ উদয় আদিত্য গোস্বামী মালিকাধীন শৈলায্যা কৰ্মাৰচিয়েল নামৰ কোম্পানী টোৱে পথ চোৱা মেৰামতি কৰা দেখা গ’ল ।

এইদৰে বিনা স্বাৰ্থত পথ চোৱা মেৰামতি কৰি থকা বাবে সচেতন ৰাইজে উদয় আদিত্য গোস্বামীক প্ৰশংসা কৰে।