নিউজ ডেস্ক, সংবাদ ৩৬৫, ১ মে’ : আজি ১ মে অৰ্থাৎ আন্তৰ্জাতিক শ্ৰমিক দিৱস। শোষণমুক্ত সমাজ প্ৰতিষ্ঠাৰ লক্ষ্যৰে হোৱা গণ আন্দোলনক অধিক শক্তিশালী কৰিবলৈ আজি সমগ্ৰ বিশ্বৰ লগতে অসমতো পালন কৰা হয় মে’ দিৱস ।

উল্লেখ্য যে ১৮৮৬ চনত আমেৰিকাৰ চিকাগো চহৰত হোৱা বিশাল শ্ৰমিক আন্দোলন আৰু আন্দোলনকাৰী সকলৰ ওপৰত হোৱা শাসকগোষ্ঠীৰ বৰ্ব্বৰৰ আক্ৰমণৰ পটভূমিত আন্তৰ্জাতিক শ্ৰমিক মহাসন্মিলনে গ্ৰহন কৰা প্ৰস্তাৱ অনুসৰি ১৮৮৬ চনৰ ১মে’ৰ দিনটো শ্ৰমিক দিৱস হিচাপে পালন কৰি অহা হৈছে যদিও শাসকপক্ষৰ ভুল নীতিৰ বাবে আজিও আমাৰ খাটিখোৱা শ্ৰমিক ভাইসকলে নিজৰ প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত । নিজৰ প্ৰাপ্যৰ বাবে আজিও পালন কৰি অহা হৈছে শ্ৰমিক দিৱস ।

শ্ৰমিক দিৱসৰ লগত সংগতি ৰাখি দক্ষিণ কামৰূপ বঙৰা-গোসাইহাটস্থিত অসম তথা উত্তৰ-পুৰ্বাঞ্চলৰ শক্তি বিভাগৰ প্ৰথমটো সৰ্ববৃহৎ যোগান কেন্দ্ৰত স্বচ্চ অভিযান হাতত লয় কৰ্মচাৰী সকলে । বন্ধৰ দিনটোত দলে বলে ওলাই চৌহদটো চাফ-চিকুন কৰিবলৈ স্ব- ইচ্ছাই আহিল কৰ্মচাৰী সকলোৰ লগতে বিষয়া সকলো । লগতে কৰ্মচাৰী সকলে প্লাষ্টিক বৰ্জন কৰি কলৰ পাততে প্ৰীতি ভোজৰো আমোদ ললে ।