ইমৰান আলীৰ সৈতে শ্বাহনৱাজ আহমেদ

ডিব্ৰুগড় 

২৯ ছেপ্টেম্বৰ

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ডিব্ৰুগড়ৰ জিলা সমিতিৰ আদিবাসী লোকসকলৰ কেইবাটাও জলন্ত সমস্যা সমাধানৰ দাবীত তীব্ৰ প্ৰতিবাদ।চাহ জনগোষ্টীৰ লোক সকলক জনজাতিকাৰণ প্ৰদান কৰা, চেটেলাইট স্বায়ত্ব শাসিত পৰিষদ প্ৰদান কৰা, মাতি পট্টা প্ৰদান, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ দাবীত লাহোৱালৰ পৰা উলিওৱা বৃহৎ বাইক ৰেলীৰে কঁপালে ডিব্ৰুগড়ৰ চহৰ।

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কৰ্মীসকলে বাইক ৰেলি উলিয়াই জিলা উপায়ুক্তৰ কাৰ্যলয়ৰ সন্মুখৰ পৰা বিভিন্ন প্ৰতিবাদী শ্ল’গান প্ৰদান কৰি মুখ্যমন্ত্ৰীৰ লক্ষীনগৰ বাসগৃহৰ সন্মুখেদি গৈ খনিকৰত বাইক ৰেলীৰ সমাপ্ত কৰে। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কৰ্মী সকলে আগন্তুক ২০২১ বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ আগমূৰ্হুত্বত আদিবাসী লোকসকলৰ সমস্যা সমূহ সমাধান নকৰিলে বিজেপি নেতৃত্বাধীন মৃতজোঁটৰ চৰকাৰখনক উচিত শিক্ষা দিবলৈ
সদৌ অসম আদিবাসী ছাত্ৰ সন্থা প্ৰস্তুত বুলি হুংকাৰ দিয়ে। ইফালে চাহ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি, স্বায়ত শাসন প্ৰদান আদিকে ধৰি চাহ জনগোষ্ঠীৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত অসম চাহ মাজদুৰ সংঘই মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰি ৰাজ্যৰ বিজেপি চৰকাৰখনক তীব্ৰ সমালোচনা কৰে। মানৱ শৃংখলৰ জৰিয়তে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসম চাহ মাজদুৰ সংঘই।

ডিব্ৰুগড়ৰ বৰ বৰুৱাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰি অসম চাহ মাজদুৰ সংঘৰ কেইবা শতাধিক কৰ্মীয়ে আগন্তুক নিৰ্বাচনৰ পূৰ্বে চাহ জনগষ্ঠীৰ লোক সকলৰ সমস্যা সমূহ অতি শীঘ্ৰে সমাধান কৰাৰ দাবী জনায়।