ইমৰান আলীৰ সৈতে শ্বাহনৱাজ আহমেদ

ডিব্ৰুগড়

২৯ ছেপ্টেম্বৰ

সদৌ অসম ডিব্ৰুগড় ছাত্ৰ সন্থৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী। অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ লগত বিধায়ক বিমল বৰাৰ নাম সাঙোৰ খাই পৰাত বিমল বৰাৰ প্ৰতিকৃতি দাহ কৰিলে ডিব্ৰুগড় ছাত্ৰ সন্থই।

অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ কলা অধ্যায়ত এটা পাছতে এটাকৈ নতুন নাম সাঙোৰ খাই পৰিছে। প্ৰশ্নকাকত ফাদিল ঘটনাৰ মুখ্য অভিযুক্ত প্ৰাক্তন আৰক্ষী বিষয়া প্ৰশান্ত কুমাৰ দত্ত আৰু বিজেপি নেতা দিবন ডেকা পলাত অৱস্থাত থকাৰ মাজতে শেহতীয়াকৈ মুখ্যমন্ত্ৰী সৰ্বান্দন সোণোৱালৰ ঘনিষ্ঠ হিচাপে চিহ্নিত ডিব্ৰুগড়ৰ টিংখংঙৰ বিধায়ক বিমল বৰা নাম এই কেলেংকাৰীত সোমাই পৰাত ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ।টিংখংঙৰ বিধায়ক গৰাকীৰ নাম প্ৰশ্নকাকত ফাদিল ঘটনাৰ লগত সাঙোৰ খাই পৰাত বিধয়াক গৰাকীক আইনৰ আওতালৈ আনিবলৈ দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাই। মঙলবাৰে ডিব্ৰুগড় ছাত্ৰ সন্থাই বিধায়ক বিমল বৰা প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি বিমল বৰাক অতি শীঘ্ৰে আইনৰ আওতালৈ আনিবলৈ দাবী জনায়।

চৰকাৰ তথা আৰক্ষীয়ে প্ৰশ্নকাকত ফাদিল ঘটনাৰ লগত জড়িত মূল অভিযুক্ত সকলক আইনৰ আওতালৈ অনাৰ পৰিবৰ্তে সৰু মাছ কেইটাক আটক কৰি এই বৃহৎ কেলেংকৰিৰ তদন্তৰ নামত একখন নাটক সূচনা কৰিছে বুলি অভিযোগ কৰিছে সদৌ অসম ডিব্ৰুগড় ছাত্ৰ সন্থাই।