ৰঙিয়া

২৫ অক্টোবৰ

সপ্তমীৰ নিশা চামগুৰিত দুঘৰত আৰু অষ্টমীৰ নিশা ৰঙিয়াত গহনালয়ৰ দোকানত। পূজাৰ সম্পূৰ্ণ সুবিধা লৈছে চোৰে। পূজাৰ বতৰ, নিশা হ’লেই চোৰে চলাই যায় চাফাই অভিযান। অষ্টমীৰ নিশা ৰঙিয়াত চাফা কৰিলে এখন গহনালয়ৰ দোকান।

দুৰ্গা পূজাৰ উলহ মালহ পৰিৱেশৰ উপযুক্ত ব্যৱহাৰ কৰিছে চোৰে। পূজাকলৈ ৰাইজ ব্যস্ত হৈ থকাৰ সুবিধালৈ চোৰেও মুকলিকৈ চলাই গৈছে চুৰিকাণ্ড। অষ্টমীৰ নিশা ৰঙিয়া চহৰৰ মাজ মজিয়াত চোৰে সংঘটিত কৰিলে এক চাঞ্চল্যকৰ চুৰিকাণ্ড। ৰঙিয়াৰ চহৰৰ এন টি ৰোডৰ ভাৰত গহনালয়ত চোৰে চলালে তাণ্ডৱ। গহনালয়ৰ দোকানখনৰ চাটাৰৰ তলা ভাঙি দোকানৰ ভিতৰত প্ৰৱেশ কৰি এফালৰ পৰা চোৰে তন্ন তন্নকৈ সোনৰ আ-অলংকাৰ পৰীক্ষণ কৰি লুটি নিছে। মুখত কাপোৰ বান্ধি চুৰি কাৰ্য সংঘটিত কৰা চোৰটোৰ চকু হঠাৎ চিচিটিভিত পৰাত চোৰেটোৱে চিচিটিভি বন্ধ কৰাৰ চেষ্টা চলালে যদিও বিফল হয় চোৰটো। অৱশেষত মুৰ্খ চোৰে চিচিটিভিৰ বৈদ্যুতিক তাঁৰ চিঙি চিচিটিভি বন্ধ হৈ পৰা বুলি ভাবি লুটি নিয়া সোণৰ গহনা। ইয়াৰ পিছত গহনালয়ৰ ভিতৰৰ পৰা বাহিৰত ওলাবলৈ চেষ্টা কৰিছে চোৰটো আৰু বাহিৰৰ সহযোগী চোৰে বাহিৰত টানি উলিয়াইছে দোকানৰ ভিতৰৰ থকা চোৰটোক। চুৰিকাণ্ডৰ সকলো দৃশ্য বন্দী হৈ ৰ’ল চিচিটিভিৰ ফুটেজত। ৰঙিয়া থানাৰ পৰা মাত্ৰ আধা কিলোমিটাৰ নিলগত ৰঙিয়াৰ মাজ মজিয়াত এনেদৰে চুৰিকাণ্ড সংঘটিত হোৱাত চকু কপালত উঠিছে ৰঙিয়াবাসী ৰাইজৰ।

উল্লেখ্য যে অষ্টমীৰ নিশা ৰঙিয়াৰ গহনাৰ দোকানত এই চাঞ্চল্যকৰ চুৰিকাণ্ড সংঘটিত হোৱাৰ পূৰ্বৰ নিশা অৰ্থাৎ সপ্তমীৰ নিশা নগাঁও জিলাৰ চামগুৰিত দুঘৰ মানুহৰ ঘৰত সংঘটিত হৈছল চুৰিকাণ্ড। চামগুৰিত এঘৰ লোকৰ ঘৰত নিশা চোৰ প্ৰৱেশ কৰি সোণৰ গহনা আৰু নগদ ধন লুটি নিয়াৰ পৰিবৰ্তে অন্য এঘৰৰ পৰা চোৰে বাইকলৈ উধাও হৈছল।