গুৱাহাটী, সংবাদ ৩৬৫, ২৬ জুলাইঃ এইবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল যুৱ সাংবাদিকৰ সন্মান অৰ্জন কৰা অসম কন্যা মিহিকা বৰুৱাৰ । দিল্লীৰ ইন্দ্ৰপ্ৰস্থ বিশ্ববিদ্যালয়ৰ এম বি এ স্কুল অৱ প্লেনিং এণ্ড আৰ্কিটেক্সাৰৰ ছাত্ৰী সাংবাদিক মিহিকা বৰুৱাই দেশৰ আগশাৰীৰ আলোচনী টাইমছ্, কুইন আদিত লিখা-মেলা কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনীতো প্ৰকাশ পাইছে তেওঁৰ লেখা। মে’ মাহৰ প্ৰথম সপ্তাহত লণ্ডনৰ থমছ্ন ফাউণ্ডেশ্বনে অনলাইন যোগে বিশ্বৰ পাঁচখন উন্নয়নশীল সাংবাদিক সকলৰ মাজত অনুষ্ঠিত কৰিছিল ‘ জাৰ্নেলিজম নাও স্কলাৰ প্ৰতিযোগিতা’ । প্ৰতিযোগিতাত পাঁচটা নিৰ্দিষ্ট বিষয় সামৰি প্ৰতিযোগী সকলক লেখা প্ৰস্তুত কৰিবলৈ দিয়া হৈছিল । থমছন ফাউণ্ডেশ্বনে পাঁচখন দেশৰ প্ৰতিযোগীৰ মাজৰ পৰা উদীয়মান সাংবাদিক মিহিকা বৰুৱাক নিৰ্বাচন কৰে। বঁটা লাভ কৰা মিহিকা বৰুৱাক লণ্ডনত সাংবাদিকতা বিষয়ত এমহীয়া এটা প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে আগশাৰীৰ সংবাদ মাধ্যম বি বি চিত এসপ্তাহৰ বাবে নিয়োজিত কৰিব । অসম কন্যা মিহিকাৰ এই সফলতাত এতিয়া সুখী পিতৃ প্ৰতীক বৰুৱা আৰু মাতৃ বন্দনা বৰুৱা ।