গুৱাহাটী, সংবাদ ৩৬৫, ২ মে’ : নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী মঞ্চৰ সাংবাদিকৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ ওপৰত সংবাদমেল । সংবাদমেলত মঞ্চৰ অধ্যক্ষ হীৰেন গোঁহাইয়ে মঞ্চৰ হৈ কয় “সাংবাদিকৰ ওপৰত আক্ৰমণ হোৱা ঘটনাত যে ৰাজনীতি জড়িত হৈ আছে সেয়া স্পষ্ট হৈ পৰিছে। সাংবাদিকৰ স্বাধীনতা, সংবাদ মাধ্যমৰ স্বাধীনতা গণতান্ত্ৰিক ব্যৱস্থাৰ ৰাজহাড় । গতিকে সাংবাদিকক এনেদৰে আক্ৰমণ কৰা বিপদৰ কথা, দুখৰ কথা। এই ঘটনাৰ পুনৰাবৃত্তি নহবৰ বাবে কঠোৰ আইন প্ৰৱৰ্তন কৰিব লাগে।”

গোঁহাইয়ে আৰু কয় “কিছুদিন ধৰি নিৰ্বাচনী আয়োগৰ সিদ্ধান্তই বিমোৰত পেলাইছে । নিৰ্বাচনী আয়োগৰ পৰা বহুত আশা কৰোঁ। আনহাতে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াও সুক্ষ্ম আৰু সাম্প্ৰদায়িক মন্তব্য কৰিছে। তেওঁৰ মুখত এনেধৰণৰ মন্তব্য শোভা নাপায়। সেনাবাহিনীৰ কৃতিত্বও তেওঁৰ নিজৰ বুলি কৈছে । এইবোৰ ঘটনা দুৰ্ভাগ্যজনক।”

উক্ত সংবাদমেলত মনজিৎ মহন্তই কয় যে সাংবাদিকক আক্ৰমণ নতুন কথা নহয়। কিন্তু বিজেপিৰ শাসনত আকৌ হৈছে এই ঘটনা । তেওঁলোকৰ শূণ্য সহণশীল সম্পূৰ্ণ মিছা কথা। চৰকাৰৰ কাম-কাজত সমালোচনা কৰাৰ বাবেই এই আক্ৰমণ হৈছে। সকলো সীমা চেৰাই গৈছে । চৰকাৰে সাংবাদিকক যদি সুৰক্ষা দিব নোৱাৰে তেনেহলে বাকী মানুহক কি সুৰক্ষা দিব। নিৰ্বাচনৰ কেইদিন সাংবাদিকে কৰি থকা প্ৰচাৰৰ বাবে নিজ গৃহলৈ তেওঁলোকক মাতি নি চাহ-মিঠাই খোৱাৰ সলনি সাংবাদিকক নিৰাপত্তা দিব পাৰিলে হয় আমি ধন্যবাদ জনালোঁ হয় । যিখন চৰকাত নিৰাপত্তা নাথাকে সেইখন চৰকাৰ শাসনত থকাৰ প্ৰশ্নই নুঠে। যদি পুনৰ এনেধৰণৰ ঘটনা সংঘটিত হয় তেনেহলে সোণোৱাল চৰকাৰ জগৰীয়া হ’ব।

সাংবাদিকৰ আক্ৰমণক গৰিহণা দি দেবেন তামুলীয়ে কয় এইয়া ফেচিবাদৰ লক্ষণ । এনেধৰণৰ ঘটনা বন্ধ কৰিবলৈ হলে চৰকাৰৰ সদিচ্ছা লাগিব। ইফালে অমিত শ্বাহে কোৱা প্ৰথমে কেৱ তাৰপাছতহে এন আৰ চি এই মন্তব্যটোকো মঞ্চৰ হৈ গৰিহণা দিয়ে দেবেন তামুলীয়ে । তেখেতে কয় যে এইয়া অতি গৰ্হিত আৰু ভয়ানক কথা।