গুৱাহাটী, সংবাদ ৩৬৫, ৯ ফেব্ৰুৱাৰীঃ  শুক্ৰবাৰৰ পৰা মহানগৰীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ। ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ উপলক্ষে কলাক্ষেত্ৰত উছৱমুখৰ পৰিৱেশৰ মাজত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হৈছে কেইবাজনো সাহিত্যিক। লেখক লেখিকা, প্ৰকাশক, সাহিত্যানুৰাগী সকলৰ সংযোগৰ অন্যতম অনুষ্ঠান হিচাপে পৰিগণিত ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱকলৈ কিন্তু সূষ্টি হৈছে এক বিতৰ্কৰ। কলাক্ষেত্ৰত চলি থকা সাহিত্য উৎসৱৰ অস্হায়ী প্ৰেক্ষাগৃহ সমূহ বিশ্বখ্যাত সাহিত্যিক লুই টলষ্টয়, নাট্যকাৰ ছেক্সপীয়েৰ, মাধৱ কন্দলিৰ নামৰে নামাকৰন কৰাৰ বিপৰীতে দীনদয়াল উপাধ্যায়ৰ নামেৰে প্ৰেক্ষাগৃহ নামাকৰণ কৰাক লৈ সূষ্টি হৈছে প্ৰতিক্ৰিয়া। সাহিত্য সভাৰ বিতৰ্কৰ পিচত এইবাৰ ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱতো চলিল দীনদয়াল উপাধ্যায়ৰ গুনানুকীৰ্তন৷ কি কাৰনত কাৰ নিৰ্দেশত অসমৰ স্বনামধন্য, পুৰোধা সাহিত্যিকক বাদ দি দীনদয়ালৰ নামত নামাকৰন কৰিলে প্ৰেক্ষাগৃহ উদ্যোক্তা সমিতিয়ে। সাহিত্যতো এতিয়া দীনদয়ালৰ ৰাজনীতি।

আজিৰ পৰা নেচনেল বুক ট্ৰাষ্ট আৰু অসম প্ৰকাশ পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা এই সাহিত্য উৎসৱ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। অনুষ্ঠিত হোৱা এই সাহিত্য মহোৎসৱত ভাগ লৈছে দেশ বিদেশৰ কেবাজনো প্ৰখ্যাত সাহিত্যিকে। সুদুৰ ফ্ৰান্সৰ পৰা আহিছে প্ৰখ্যাত সাহিত্যিক ডেভিদ ক’লিন, ছুইডেনৰ বিখ্যাত উপন্যাসিক জেক অ’য়াহ, শ্ৰীলংকাৰ অশোক ফেৰী, বাংলাদেশৰ নাছৰিন জাহান। পৰ্টুগালৰ পৰা অহা ডেলফিম কৰেয়া ডা ছিলভা অভিভূত হৈ পৰিছে অসমলৈ আহি। দহখন বহিৰাষ্ট্ৰ, ১৫ টা বিভিন্ন ভাষাৰ ডেৰশৰো অধিক বৰেণ্য সাহিত্যিকৰ সমাৱেশ ঘটা এই উৎসৱ অহা তিনিদিন ধৰি চলিব কলাক্ষেত্ৰত। উৎসৱৰ সময়ছোৱাত প্ৰতিদিনে চলিব সাহিত্য সম্পৰ্কীয় আলোচনা, গ্ৰন্থমেলা, লিট মাৰ্টৰ অনুষ্ঠান। অসমৰ কবি সাহিত্যিকৰ পয়োভৰ ঘটা ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱত ভাগ লৈছে বহু স্বনামধন্য লেখকে। লেখক লেখিকা, প্ৰকাশক, সাহিত্যানুৰাগী সকলৰ সংযোগৰ অন্যতম অনুষ্ঠান হিচাপে পৰিগণিত ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱকলৈ সূষ্টি হৈছে আন এক বিতৰ্কৰো ।কলাক্ষেত্ৰত চলি থকা সাহিত্য উৎসৱৰ অস্হায়ী প্ৰেক্ষাগৃহ সমূহ বিশ্বখ্যাত সাহিত্যিক লুই টলষ্টয়, নাট্যকাৰ ছেক্সপীয়েৰ, মাধৱ কন্দলিৰ নামৰে নামাকৰন কৰাৰ বিপৰীতে দীনদয়াল উপাধ্যায়ৰ নামেৰে প্ৰেক্ষাগৃহ নামাকৰণ কৰাক লৈ সূষ্টি হৈছে প্ৰতিক্ৰিয়া ৷ সাহিত্য সভাৰ বিতৰ্কৰ পিচত এইবাৰ ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱতো চলিল দীনদয়াল উপাধ্যায়ৰ গুনানুকীৰ্তন৷ কি কাৰনত কাৰ নিৰ্দেশত অসমৰ স্বনামধন্য, পুৰোধা সাহিত্যিকক বাদ দি দীনদয়ালৰ নামত নামাকৰন কৰিলে প্ৰেক্ষাগৃহ উদ্যোক্তা সমিতিয়ে। সাহিত্যতো এতিয়া দীনদয়ালৰ ৰাজনীতি।