নিউজ ডেস্ক, সংবাদ ৩৬৫, ৩ মে’ : উৰিষ্যাৰ পিছত তীব্ৰবেগেৰে পশ্চিম বংগ দিশে আগ বাঢ়িছে বিধ্বংসী ঘুৰ্ণীবতাহ ফণী । পশ্চিমবংগ,বাংলাদেশ হৈ উত্তৰ-পূৰ্বাঞ্চললৈ গতি লৈছে ফণীয়ে । ইয়াকে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী।

অসমৰ লগতে উত্তৰ-পুৰ্বাঞ্চলত ইতিমধ্যে ফণীৰ প্ৰভাৱ পৰিছে । আজিৰ পৰা ৫ মে লৈ অসমৰ বিভিন্ন ঠাইত প্ৰৱল বৃষ্টিপাতৰ আশংশা কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । উৰিষ্যাত ঘন্টাত ১৭৫ পৰা ১৮৫ কিমি বেগত ধুমুহাই কালৰূপ ধাৰন কৰাৰ লগতে তীব্ৰবেগেৰে আগবাঢ়ি অহা ধুমুহাই ৪ মেত উত্তৰ-পুৰ্বাঞ্চলত প্ৰৱেশ কৰিব যদিও ধুমুহাৰ গতি হ্ৰাস হৈ ঘন্টাত ৬০ পৰা ৮০ কিমি বেগ হ’ব বুলি জনায় বতৰ বিজ্ঞান কেন্দ্ৰই । অৱশ্যে এই ফণীৰ ফলত অসমত ৪ আৰু ৫ মেত তীব্ৰ বৃষ্টিপাত হ’ব পাৰে বুলি আশংকা কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

অসমৰ ধুবুৰী, কোকৰাঝাৰ,গোৱালপাৰা,বঙাইগাঁও,চিৰাং, বৰপেটা, কামৰূপত, দক্ষিণ শালমৰা, মানকাচৰ আৰু বাক্সাৰ ঠাই বিশেষে বৃষ্টিপাতৰ কমলাৰঙী সতৰ্কতা জাৰি কৰিছে । ইয়াৰ বিপৰীতে নলবাৰী,কামৰূপ (মহানগৰ),দৰং, মৰিগাঁও, শোণিতপুৰ, কাছাৰ আৰু কৰিমগঞ্জত বৃষ্টিপাতৰ হালধীয়াৰঙী সতৰ্কতা জাৰি কৰিছে ।

ইয়াৰোপৰি দেওবাৰে বঙাইগাঁও,চিৰাং, বৰপেটা, নলবাৰী, বাক্সা, শোণিতপুৰ, ওদালগুৰি জিলাত প্ৰৱলৰ পৰা প্ৰৱলতৰ বৃষ্টিপাতৰ আশংকা। ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, কামৰূপ, কামৰূপ (মহানগৰ), দক্ষিণ শালমৰা মানকাচৰ, নগাঁও, হোজাই, বিশ্বনাথ, পশ্চিম কাৰ্বি আংলং, যোৰহাট, মাজুলী, লখিমপুৰ, ধেমাজি আৰু ডিব্ৰুগড়ত প্ৰৱল বৃষ্টিপাতৰ আশংকাত কমলাৰঙী সতৰ্কতা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ।