কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ২৮ মেঃ বৰপেটা জিলাৰ সৰভোগ আৰক্ষী চকীৰ অন্তৰ্গত বৰনগৰ ৰাজহ চক্ৰৰ কাৰ্যলয়ৰ সন্মুখত সোমবাৰে দুপৰীয়া এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। এএছ-১৫-এল-৯৩১৩ নম্বৰৰ তীব্ৰবেগী মটৰ চাইকেল এখনে পথৰ দাঁতিত থিয় হৈ থকা এজন লোকক খুন্দা মৰাত লোকজন থিতাতে নিহত হোৱাৰ লগতে মটৰ চাইকেল চলকসহ এজন আৰোহি গুৰুত্বৰ ভাবে আঘাতপ্ৰাপ্ত হয়। পথ দুর্ঘটনাৰ খবৰ পাই সৰভোগ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গুৰুত্বৰ ভাবে আহত লোক দুজনক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মটৰ চাইকেলখনৰ চালক নৱজিত দাস আৰু আনজন আৰোহিক উন্নত চিকিৎসাৰ বাবে বৰপেটাৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। আনহেতে মটৰ চাইকেলৰ খুন্দাত থিতাতে নিহত হোৱা লোকজন বৰপেটা ৰোডৰ ৰঘুৰাম ৰবি দাস বুলি চিনাক্ত কৰা হৈছে। উল্লেখ্য যে, মটৰ চাইকেলৰ চালক নৱজিত দাসৰ বয়স ১৬ বছৰ আৰু তেওঁৰ ড্ৰাইভিং লাইচেন্স নাই বুলি আৰক্ষীৰ সূত্ৰত জানিব পৰা গৈছে।