বৰপেটা, সংবাদ ৩৬৫, ৭ মে’ : হৰকুমাৰ গোস্বামী, বৰপেটা জিলাৰ সৰভোগ অঞ্চলৰ ৰামপুৰ গাঁৱৰ এজন বিশিষ্ট ব্যক্তি তথা সমাজকর্মী, বৰ্তমান অৱশ্যে তেওঁ গুৱাহাটীৰ বাসিন্দা। যিয়েই নহওঁক তেওঁৰ স্থায়ী ঠিকনা ৰামপুৰ, এই গাঁৱখনৰ বৈশিষ্ট এয়াই যে কেইবা শতিকা পুৰণি এখন নিভাঁজ অসমীয়া গাঁও। কিন্তু হৰকুমাৰ গোস্বামীয়ে আজি আহি থিয় দিলে বৰপেটা ৰোডত এন আৰ চিৰ হিয়াৰিংৰ লাইনত।

শ্ৰী গোস্বামীৰ বিৰুদ্ধে জনৈক বজালীৰ ধনমনি কাকতি আৰু বৰপেটা গাঁৱৰ বুলি উল্লেখ থকা ৰাহুল সূত্ৰধৰ নামাৰ অজ্ঞাত ব্যক্তিয়ে এন আৰ চিত নাম অন্তৰ্ভূক্তিৰ বিৰুদ্ধে আপত্তি দাখিল কৰিছিল। তেওঁৰ বিৰুদ্ধে দাখিল কৰা আপত্তিৰ ভিত্তি হিচাপে উল্লেখ কৰিছে যে আবেদনকাৰীৰ তথ্যবোৰ বৈধ নহয়, তথ্যবোৰ আইনগত নহয় আৰু পূৰ্ব পুৰুষৰ তথ্য সত্য নহয়।

এই সংক্ৰান্তত তেওঁৰ সৈতে হোৱা দীঘলীয়া সাক্ষাৎকাৰত নিজৰ ক্ষোভ ব্যক্ত কৰি কয় যে- এন আৰ চিৰ নামত যিটো ভেকুভাওনা চলি আছে ইয়াৰ দ্বাৰা স্পষ্ট হৈছে যে অসমত অনাগত ৫০ বছৰতো শুদ্ধ এন আৰ চি এখন প্ৰস্তুত হ’ব নোৱাৰে। মানুহে কাম-কাজ বাদ দি যেতিয়া দিনৰ পিছত দিন এন আৰ চিৰ পিছত দৌৰি থাকিব লগা হৈছে, তাৰ ফলত অসমৰ অৰ্থনীতি ইতিমধ্যে ভালেখিনি ক্ষতিগ্ৰস্ত হৈছে ক্ৰমশ ধ্বংস হবলৈ গৈ আছে। অধিকতম ব্যক্তি যিসকল হাৰাশাস্তিৰ সম্মুখীন হৈ আছে, সেইসকল মুছলমান আৰু বঙালী হিন্দু লোক, দেখা গৈছে এই লোকসকলৰ বিৰুদ্ধে অসমীয়া হিন্দু নামধাৰী কিছুলোকে অভিযোগ দাখিল কৰিছে, এনেকৈ যদি অবিশ্বাসৰ বীজ সমগ্ৰ সমাজখনত এৰি দিয়া হয় তেন্তে সমাজখনত বিভেদ আৰু বিচ্ছিন্নতাৰ সৃষ্টি কৰিব।

তেখেতে আৰু কয় যে ” মই ব্যক্তিগত ভাবে সাংঘাতিক অপমানিত হৈছো ও আত্মসন্মানত আঘাত লাগিছে, মোৰো যিদৰে আত্মসন্মাত লাগিছে ঠিক একেদৰেই যিসকলে আজি হিয়াৰিংৰ লাইনত থিয় হ’ব লগা হৈছে তেওঁলোকৰো আত্মসন্মানত আঘাত লগাটো নিশ্চিত। এই ঘটনাবোৰে প্ৰমাণ কৰে যে শাসকীয় শক্তিৰ স্বাৰ্থত প্ৰশাসন যন্ত্ৰৰ সহযোগত এটা ন্যস্তস্বাৰ্থ মহলে সংগঠিত ভাবে এন ভুৱা অভিযোগ দাখিল কৰিছে। এন আৰ চি উন্নীতকৰণৰ নামত কোটি-কোটি টকা আবন্টন হৈছে, এই ধনৰ এটা বুজন অংশ কাৰোবাৰ পকেটত যে সোমাইছে সেয়া নিশ্চিত, যাৰ বাবে এই প্ৰক্ৰিয়াটো যদি দীঘলীয়া দিনলৈ চলি থাকে তেন্তে এচামে যে লাভাম্বিত হ’ব সেয়া ধুৰূপ। অন্যহাতে লাখ-লাখ মানুহক নাগৰিকত্বহীন কৰি সস্তীয়া শ্ৰমিকলৈ ৰূপান্তৰ কৰাৰ চক্ৰান্ত বুলিও অভিযোগ তুলি কয় যে এই স্বাৰ্থতেই আফ্ৰিকাৰ জীৱ-জন্তুৰ শৰীৰত লগাই দিয়াৰ নিচিনাকৈ ইয়াতো এচাম মানুহক নাগৰিকত্বহীন কৰি মানৱ দেহত ৰেডিঅ চিপ লগাই দিয়াৰ চেষ্টা চলিছে। ”

ইয়াৰোপৰি তেখেতে কয় যে আজি মোৰ নাগৰিকত্ব প্ৰমাণত মোৰ সামাজিক পৰিচয় আৰু অৱস্থানে সহায় কৰিছে, কিন্তু মোতকৈ ভিন্ন সামাজিক পৰিচয় আৰু অৱস্থানৰ মানুহে খুবেই বেয়াকৈ হাৰাশাস্তি হৈ আছে। মই মোৰ দেশক ভাল পাওঁ আৰু জাতিক ভাল পাওঁ বাবেই বিগত দিনত এন আৰ চি আৰু ডি ভোটাৰ বিষয় লৈ মাত মাতি আহিছিলো। নাগৰিকত্বৰ সমস্যাত পৰি যিসকলে অত্যচাৰ ভুগি আছিল তেওঁলোকৰ লগত বিগত দিনে থিয় দি আহিছোঁ, আজি আহি নিজৰ নাগৰিকত্বটোও সন্দেহৰ আৱৰ্তত সোমাই পৰাত অত্যন্ত হতভম্ব হৈছো। ব্যৱস্থাৰ অপব্যৱহাৰ কৰি চৰকাৰী উদ্যোগত চলা এনে অত্যচাৰ বন্ধ কৰা হওক বুলি দাবী উত্থাপন কৰে।

তেওঁ এই ঘটনা সংক্ৰান্তত অতি ক্ষিপ্ৰতাৰে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়াৰ লগতে কয় যে “মোৰ বিৰুদ্ধে যিজনে ভুৱা অভিযোগ উত্থাপন কৰিছে তেওঁক সম্ভৱত বিচাৰি পোৱা নাযাব বা তেনে নামৰ কোনো ব্যক্তিয়ে কিজানি নাই। যদি এয়াই সঁচা হয় তেন্তে ইয়াৰ বাবে দায়ী হ’ব জিলা উপায়ুক্ত আৰু এন আৰ চি কৰ্তৃপক্ষ”। ভুৱা নামৰ ব্যক্তি এগৰাকীয়ে কিদৰে অভিযোগ দাখিল কৰিলে আৰু সেয়া কিদৰে গ্ৰহণ কৰি ভুক্তভোগীক হিয়াৰিংলৈ মাতি আনি হাৰাশাস্তি কৰা হ’ল বুলিও প্ৰশ্ন উত্থাপন কৰে।