মানকাচা, সংবাদ ৩৬৫, ৯ ফেব্ৰুৱাৰীঃ  দক্ষিণ শালমাৰ আৰু মানকাচাৰ জিলা আৰক্ষীয়ে শুক্ৰবাৰে অবৈধ ভাৱে মাটি খনক কৰা দুখনকৈ বাহন জব্দ কৰে। জিলা আৰক্ষীয়ে অবৈধ ভাৱে মাটি খনন কাৰ্য্যত নিয়োজিত হৈ থকা এখন ট্ৰেক্টৰ আৰু এখন জেচিবি জব্দ কৰে। জিলাখনত চৰকাৰৰ অনুমতি বিহীন ভাবে এনে বহু জেচিবি আৰু ট্ৰেক্টৰ বন ধ্বংসৰ লগতে অবৈধ ভাৱে মাটি খনন কাৰ্য্যত নিয়োজিত হৈ থকাৰ অভিযোগ বিভিন্ন সময়ত উত্থাপিত হৈ আছে যদিও প্ৰশাসন আৰু জিলা আৰক্ষী এই ক্ষেত্ৰত সঠিক পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই। জিলাখনত অনুমতি নোলোৱাকৈ আৰু চৰকাৰী কৰ ফাঁকি দি অবৈধ ভাৱে মাটি খনন কাৰ্য্যৰ লগত জড়িত হৈ থকা বাহন সমূহৰ বাবে বিভিন্ন সময়ত ৰাইজ অসুবিধাৰ সন্মুখীন হব লগা হৈছে। অবৈধ ভাৱে মাটি কঢ়িওৱা বাহন সমূহে মাটি লৈ যাত্ৰা কৰাৰ সময়ত পিছফালৰ ডালা খুলি যাত্ৰা কৰাৰ ফলত জিলাখনৰ সদৰ মূল পথ ৰঙা মাটিৰে ভৰি পৰিছে আৰু এই মাটি বতাহৰ লগত উৰি পথত চলাচল কৰা পথচাৰী সকলৰ চকু মুখে সোমাই বিভিন্ন অসুবিধাৰ সৃষ্টি কৰাৰ লগতে বিভিন্ন ৰোগৰো সৃষ্টি কৰিছে। বৰ্তমান এই অবৈধ মাটি সৰবৰাহ কৰা বাহন সমূহৰ বাবে জিলাখনত পথচাৰীসকলে দৈনিক ৰঙা মাটিৰ ধূলিৰ সৈতে যুদ্ধ কৰিবললগীয়া হৈছে।