ছাহিদুল আলম

ডবকা 

২২ অক্টোবৰ

স্বেচ্ছাসেৱী সংস্থা প্ৰেৰণাই সম্বৰ্ধনা জনালে দেজ নাৰ্চিং হোমৰ দুই চিকিৎসক ডা° বদৰুল হক আৰু ডা° অভিষেক চাংবিক৷ কৰ’ণা কালত চিকিৎসালয়খনৰ দুয়ো চিকিৎসকে ৪০০ গৰাকী প্ৰসুতিক চিকিৎসা আগবঢ়োৱাৰ লগতে সম্পন্ন কৰিছিল কেবাশতাধিক অস্ত্ৰোপ্ৰচাৰ৷

দেজ নাৰ্চিং হোমৰ গাইনলজিষ্ট ডা° বদৰুল ইছলাম আৰু এনাস্থেছিয়া চিকিৎসক ডা° অভিষেক চাংবিয়ে কৰ’ণা কালত ৰোগীক সেৱা আগবঢ়াবলৈ নিজৰ পৰিয়ালৰ পৰা দূৰত থকাৰ লগতে দীৰ্ঘসময় তেওঁলোকৰ কণ কণ শিশু সকলৰ সান্নিধ্যৰ পৰা বঞ্চিত আছিল৷ দিনে নিশাই চিকিৎসকদ্বয়ে ৰোগীৰ শুশ্ৰুষাত নিজকে অৰ্পন কৰিছিল৷ কৰ’ণাৰ আতংকৰ সময়ত নগাঁৱৰ বিভিন্ন ব্যক্তিগত চিকিৎসালয়ৰ পৰা ঘূৰাই পঠিওৱা ৰোগীক দুয়ো চিকিৎসকে হোজাইলৈ আনি চিকিৎসা সেৱা প্ৰদান কৰি জীৱন ৰক্ষা কৰিছিল।

কৰ’ণা কালছোৱাত হোজাই দেজ নাৰ্চিং হোমৰ লগতে চিকিৎসকদ্বয়ে আগবঢ়োৱা এই বৃহৎ মানৱসেৱাৰ বাবে বৃহস্পতিবাৰে স্বেচ্ছাসেৱী সংস্থা প্ৰেৰণাই নাৰ্ছিং হোমখনৰ দুয়ো চিকিৎসকক সম্বৰ্ধনা জনাই তেওঁলোকৰ শলাগ লয়৷ কৰ’ণা যোদ্ধা দুয়োগৰাকীক প্ৰশংসা কৰিছে সচেতন মহলে৷