বৰপেটা, সংবাদ ৩৬৫, ১৯ মে’ : বৰপেটা জিলাৰ মন্দিয়া শিশু সংহত শিশু উন্নয়ন সেৱাআঁচনিৰ অধিনস্ত ২১৫ নং জাহোৰপাম অঙ্গনৱাড়ী কেন্দ্ৰৰ গোহালি সদৃশ পৰিবেশ । যাৰ বাবে কেন্দ্ৰটো বিগত কেইমাহ ধৰি নাই কোনো ছাত্র-ছাত্ৰী।

কেন্দ্ৰটোত ৪৫ জন ছাত্র-ছাত্ৰী কিন্তু আহে মাত্ৰ ১ জন । যাকলৈ সম্প্ৰতি ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। স্কুলত কেইটাত আহিব লাগে সাংবাদিকে সোধাত সহায়িকাৰ উত্তৰ যে নিয়মমতে আঠটাত আহিব লাগে কিন্তু ছুপাৰভাইজৰৰ লগত আমাৰ বুজাপৰা হৈছে যাৰ বাবে ৯ টাত আহিলেও হব বুলি কয়।

কৰ্মীগৰাকীৰ মইমতালি আৰু দূৰ্নীতিৰ বিৰুদ্ধে ছুপাৰভাইজৰ বৰ্ণালী ডেকাক ৰাইজে অৱগত কৰিও কোনো ইতিবাচক সহাৰি নোপোৱাত ছুপাৰভাইজৰ গৰাকীৰ জেপ নিয়মীয়াকৈ গৰম হৈ আহিছে বুলি ৰাইজ সন্দিহান।

এই ক্ষেত্ৰত টেবুলৰ তলেদি হাত আগবঢ়াই দিয়া বন্ধ নকৰিলে কোনো অঙ্গনৱাড়ী কৰ্মীৰ দূৰ্নীতি বন্ধ কৰাটো সম্ভৱ নহয় বুলি ৰাইজে অভিযোগ তুলিছে। প্ৰত্যেক দিনাই কেন্দ্ৰলৈ কৰ্মী আহিলেও দহ বজাৰ আগত কোনো দিন আহি নাপায় বুলি স্থানীয় ৰাইজৰ পৰা জানিব পৰা গৈছে।