গুৱাহাটী, সংবাদ ৩৬৫, ২ মে’ : ৫ মাহ ১৬ দিনৰ পিছত গোলাঘাট আৰক্ষীয়ে নলবাৰীত অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় ঐতিহাসিক বিগ্ৰহ। ইতিমধ্যে উগ্ৰতাৰা মন্দিৰৰ মূল পূজাৰী গোলাঘাটত গৈ উপস্থিত হৈছে আৰু তেওঁৰ হাতত গতাই দিয়া হ’ব বিগ্ৰহ ।

উক্ত বিগ্ৰহৰ লগতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৪ জন চুৰ।গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেচৰ আৰু গোলাঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰাৰ নেতৃত্বত চলিছিল এই অভিযান । সুৰজিৎ সিং পানেচৰৰ নেতৃত্বত নলবাৰীলৈ গৈছিল আৰক্ষীৰ এটা দল। আৰক্ষীৰ জালত পৰিল এই ধৃত চুৰ ৪ জন । নলবাৰীৰ বাটচৰৰ ছান হুছেইন, টিহুৰ আদিল আলী, মুকালমুৱাৰ ৰাহুল আলী আৰু পাঞ্জাবাৰীৰ মিন্টু ৰায়।

উল্লেখযোগ্য যে প্ৰায় ছমাহ অৰ্থাৎ ১৬ নৱেম্বৰ, ২০১৮ৰ পুৱতি নিশা চুৰি হৈছিল মা উগ্ৰতাৰাৰ সেই বিগ্ৰহ। ৯৭৫ বছৰীয়া ঐতিহাসিক সেই মূৰ্তিত কাৰ চোৰ-হাত লাগিব পাৰে তাকে লৈ চিন্তিত হৈ পৰিছিল উগ্ৰতাৰা মন্দিৰ কৰ্তৃপক্ষ। বিগ্ৰহ বিচাৰি বহুতো অভিযান চলিল । পাছত মন্দিৰ কৰ্তৃপক্ষই ৰাজহুৱা সভাই দিয়া সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত বিকল্প বিগ্ৰহ প্ৰতিষ্ঠাৰ দিশত অগ্ৰসৰ হৈছিল । অসমীয়া শিল্পী ৰবীন বৰয়ে প্ৰস্তুত কৰা আৰ্হিৰে কলিকতাৰ পৰা আনিছিল অষ্ট ধাতুৰে নিৰ্মিত বিকল্প বিগ্ৰহ আৰু বিগ্ৰহ প্ৰতিষ্ঠাৰ মাংগলিক পৰ্ব অনুষ্ঠিত হোৱাৰ আগদিনা উদ্ধাৰ হ’ল চাৰে পাঁচ মাহ পূৰ্বে চুৰি হোৱা ঐতিহাসিক মা উগ্ৰতাৰাৰ বিগ্ৰহ।