ৰঙিয়া, সংবাদ ৩৬৫, ২২ জুনঃ কামৰূপ জিলাৰ ৰঙিয়াত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ৰঙিয়াৰ কাজিগাঁৱৰ চাইদুল ৰহমান নামৰ এজন লোকক হত্যাৰ চেষ্টা চলায় পত্নীৰ অবৈধ প্ৰেমিকে। চাইদুল ৰহমান নামৰ লোকজনৰ পত্নীৰ অবৈধ প্ৰেমিকে শুক্ৰবাৰে পুৱতি নিশা ৰহমানৰ ঘৰত আলহী হৈ আহি ডেগাৰেৰে হানি হত্যাৰ চেষ্টা চলায় ৰাহমানক। জানিব পৰা মতে, ৰহমানৰ পত্নী ৰাহিমা চুলতানাই বাইহাটা চাৰিআলিৰ মাতৃগৃহৰ পৰা স্বামী চাইদুল ৰহমানক বৃহস্পতিবাৰে নিশা ফোন যোগে জনায় যে তাইজুল আলী নামৰ এজন যুৱকৰ অসুবিধা হোৱাৰ বাবে নিশাটো তেওঁলোকৰ ঘৰত থাকিবলৈ দিয়ে যেন। পত্নীৰ অনুৰোধমৰ্মে চাইদুল ৰহমানে যুৱক জনক নিশা ঘৰত থাকিবলৈ দিয়ে আৰু মাজ নিশা যুৱকজনে হঠাৎ চাইদুল ৰহমানক ডেগাৰেৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলায়। চাইদুলে চিঞৰ-বাখৰ কৰাত প্ৰতিবেশী সকল আহি আক্ৰমণকাৰী যুৱকজনক আটক কৰাৰ লগতে লুটুৰি-পুটুৰি অৱস্থাত চাইদুল ৰহমানক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰে। ইফালে ৰাইজে আক্ৰমনকাৰী যুৱক জনক আক্ৰমণ কৰাত যুৱকজনো গুৰুত্বৰ ভাৱে আহত হোৱাত যুৱক জনকো চিকিৎসাৰ বাবে হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছে। ঘাতকৰূপী তাইজুলে চাইদুলৰ পত্নীৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকা বুলি স্বীকাৰোক্তি দিয়াৰ লগতে চাইদুলৰ পত্নীৰ সৈতে মিলি এনেদৰে চাইদুলক হত্যাৰ পৰিকল্পনা ৰচনা কৰা বুলি বিস্ফোৰক স্বীকাৰোক্তি দিয়ে। আক্ৰমনকাৰী যুৱক জনৰ স্বীকাৰোক্তিৰ পিছত পুৱতি নিশাই আৰক্ষীয়ে চাইদুলৰ পত্নী ৰাহিমা চুলতানাসহ ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত ৬ জনকৈ লোকক আটক কৰে।