ৰঙিয়া, সংবাদ ৩৬৫, ২৭ ২৬ জানুৱাৰীঃ ৰঙিয়াত ব্যৱসায়িক প্ৰতিষ্ঠানত হোৱা চুৰিক কেন্দ্ৰ কৰি শনিবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ব্যৱসায়িক প্ৰতিষ্ঠানত হোৱা চুৰিক কেন্দ্ৰ কৰি ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় পথ অৱৰোধ কৰে ৰঙিয়াৰ ক্ষুব্ধ ব্যৱসায়ী সন্থা। অৱৰোধকাৰীয়ে আৰক্ষী মুৰ্দাবাদ ধ্বনিৰে ভৰত ভূটান আন্তঃৰাষ্ট্ৰীয় পথ উত্তাল কৰি তোলে। শনিবাৰে পুৱা ৰঙিয়া থানাৰ নিচেই ওচৰত থানা ৰোডত দুখন আৰু এন টি ৰোডত এখন দোকানত চুৰি হোৱাত নগৰখনৰ ব্যৱসায়ীসকল ক্ষুব্ধ হৈ পৰে। ৰঙিয়া থানাত ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় যদিও বহু পলম কৈ ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাত ব্যৱসায়ীসকল উত্তেজিত হৈ পৰে। ইয়াৰ বিৰুদ্ধে শতাধিক ব্যৱসায়ীয়ে ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় পথ অৱৰোধ কৰি পৰিবেশ উত্তাল কৰি তোলে। ৰঙিয়া চহৰত চৰম নিৰাপত্তাহীনতাত ভোগা ব্যৱসায়ীসকলে আৰক্ষী মুৰ্দাবাদ ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলাৰ ফলত বহু সময় ধৰি পথৰ ওপৰত কেইবাশ বাহন আৱদ্ধ হৈ পৰে । থানাৰ সমীপতে এনেদৰে একেনিশাই তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান চুৰি হোৱাত আৰক্ষীৰ ফোঁপোলা স্বৰূপ ওলাই পৰা বুলি প্ৰতিবাদকাৰীসকলে ক্ষোভ ব্যক্ত কৰে। নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰাৰ লগতে চুৰি কাৰ্য্যত জড়িত অপৰাধীক আটক কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে ৰঙিয়া ব্যৱসায়ী সন্থা। আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰাৰ আশ্বাস দিয়াত অৱৰোধকাৰীয়ে পথটো মুকলি কৰি দিয়ে।