গুৱাহাটী, সংবাদ ৩৬৫, ১৫ জুনঃ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে জনজাতিকৰণৰ বাবে ৪০ বছৰৰ প্ৰয়োজন বুলি কৰা মন্তব্যক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কেন্দ্ৰীয় মন্ত্ৰী এনে মন্তব্যৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আক্ৰাছুই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বাক্সা জিলাৰ গোৰেশ্বৰত ৰাজপথৰ ওপৰত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিমুৰ্তি দাহ কৰি কোচ ৰাজবংশী জনগোষ্ঠীক তুচ্ছ তাচ্ছিল্য নকৰিবলৈ গোৰেশ্বৰ আঞ্চলিক সমিতি আক্ৰাছুৰ সভাপতি শংকৰ ৰাজবংশী সকিয়াই দিয়ে৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীক চৰমভাৱে প্ৰতাৰণা কৰি আহিছে আৰু জনজাতিকৰণৰ নামত ২ বছৰ অতিক্ৰম হোৱাৰ পাছতো জনজাতিৰণৰ ক্ষেত্ৰত কোনো প্ৰদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰে গোৰেশ্বৰ আঞ্চলিক সমিতি আক্ৰাছুৰ সভাপতি শংকৰ ৰাজবংশী। সভাপতি গৰাকীয়ে অতি শীঘ্ৰে চৰকাৰে কোচ ৰাজবংশীক জনজাতিকৰণ মৰ্যাদা প্ৰদান নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ ভাবুকিও প্ৰদান কৰে। বঙাইগাঁও জিলা আক্ৰাছুৱে কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামৰ মন্তব্যত ক্ষোভিত হৈ বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি জুৱেল ওৰাম, নৰেন্দ্ৰ মোদী আৰু সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তি দাহ কৰে। গোৱালপাৰা জিলাত প্ৰতিবাদকাৰী সকলে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত টায়াৰ জ্বলাই বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গান দি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে আৰক্ষীৰ সৈতে খণ্ডযুদ্ধতো লিপ্ত হয়।