ৰাজ্যজুৰি গণেশ চতুৰ্থী উদযাপন

In ৰাজ্য

গুৱাহাটী, সংবাদ ৩৬৫, ১৩ ছেপ্টেম্বৰ: সনাতন পঞ্জিকা অনুসৰি ভাদ্ৰপ্ৰদ(ভাদ) মাহৰ শুক্লা চতুৰ্থী তিথিত গণেশ চতুৰ্থী মহোৎসৱ পালন কৰা হয়। সাধাৰণতে প্ৰতি মাহৰে চতুৰ্থী তিথিত প্ৰথম দেৱ হিচাপে শ্ৰী শ্ৰী গনপতি বা গণেশ দেৱৰ পূজন হয়। আৰু ভাদ্ৰপ্ৰদ(ভাদ) মাহৰ শুক্লা চতুৰ্থী তিথিত ইয়াক অতি ধুম ধামেৰে মহোৎসৱ হিচাপে পালন কৰা হয়। কাৰণ এই সময়ৰ পৰাই শৰদুৎসৱৰ আৰম্ভণি হয়। বৰ্ষ ১৮৯৩ চনত লোকমান্য বাল গংগাধৰ তিলকদেৱে প্ৰথমবাৰৰ বাবে গণেশ চতুৰ্থী পালন কৰিছিল। সেই সময়ত ব্ৰিটিছৰ তলত থকা ভাৰতীয় লোকসকলৰ মাজত ব্ৰিটিছে ৰোপন কৰা সম্প্ৰদায়িকতাৰ বৰবিহ জোপাই পোখাইছিল। সেয়েহে এই সম্প্ৰদায়িকতাৰ গৰাহৰ পৰা মুক্ত কৰি জনসাধাৰণৰ মাজত একতাৰ বীজ ৰোপণ কৰিবৰ বাবে মহাৰাষ্ট্ৰৰ পেশোৱা সকলৰ ইষ্টদেৱ শ্ৰী শ্ৰী গণেশ দেৱৰ বিগ্ৰহ মন্দিৰৰ গৰ্ভগৃহৰ পৰা ৰাজহুৱা স্থলীলৈ উলিয়াই আনিছিল। আৰু সকলো লোককেই দৰ্শন আৰু পূজা অৰ্চনা কৰোৱাৰ পাছত পুনৰ গৰ্ভগৃহত প্ৰতিষ্ঠা কৰোৱা হৈছিল। আৰু সেই তেতিয়াৰ পৰাই ভাদ মাহৰ চতুৰ্থী তিথিত গণেশ পূজা পালন কৰা হয়। আজিও অৰ্থাৎ বৃহস্পতিবাৰে চতুৰ্থী তিথি উপলক্ষে সমগ্ৰ দেশজুৰি গণেশ চতুৰ্থী পালন কৰাৰ লগতে ৰাজ্যতো গণেশ চতুৰ্থী পালন কৰা হয়। ৰাজ্যজুৰি গণেশ চতুৰ্থী উপলক্ষে মহানগৰী গুৱাহাটীৰ বিভিন্ন গণেশ মন্দিৰ সমূহত পুৱাৰে পৰা ভক্তৰ লানি নিছিঙা ভিৰ পৰিলক্ষিত হয়। বিভিন্ন আলোকসজ্জাৰে গণেশ মূৰ্তিক সজাই তুলিছে। গণেশগুৰিস্থিত গণেশ মন্দিৰত গণেশ দেৱতাৰ আশীষ বিচাৰি হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে। গণেশ দেৱতাক পুজা অৰ্চনা কৰিবলৈ গণেশগুৰিৰ গণেশ মন্দিৰৰ পৰা গণেশগুৰি চাৰিআলিলৈ ভক্তৰ লাইন দেখবলৈ পোৱা যায়। গণেশ দেৱতাৰ আশীষ বিচাৰি মহানগৰীৰ অন্যান্য গণেশ মন্দিৰ সমূহৰ দৰে গণেশগুৰিৰ গণেশ মন্দিৰত পুৰুষ, মহিলা, বৃদ্ধ, শিশু সকলোৱে ভিৰ কৰা পৰিলক্ষিত হয়। ভক্তসকলে ধূপ-ধুনা, চাকি জ্বলাই গণেশ দেৱতাৰ আশীষ বিচৰাৰ লগতে গণেশ মন্দিৰ সমূহৰ প্ৰাঙ্গনত গণেশ বন্দনাৰে মুখৰিত হৈ পৰে।

Comments

comments

You may also read!

ৰঙিয়াৰ মাদৈকাটাত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ অনুষ্ঠান ইস্তেমাৰ প্ৰস্তুতিত সম্প্ৰীতিৰ নিদৰ্শন

ৰঙিয়া, সংবাদ ৩৬৫, ১৮ ডিচেম্বৰ: ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ অনুষ্ঠান ইস্তেমাৰ প্ৰস্তুতিৰ বাবে ৰঙিয়াৰ মাদৈকাটাত জাতি-ধৰ্মৰ ভেদাভেদ নোহোৱাকৈ সম্পূৰ্ণ সহযোগিতা

Read More...

সোনতলীত কামৰূপ আৰক্ষীৰ গাঞ্জাৰ বিৰুদ্ধে বৃহৎ অভিযান: অভিযানত জব্দ প্ৰায় কেইবা কেজি গাঞ্জা

বকো, সংবাদ ৩৬৫, ১৮ ডিচেম্বৰ: বকোৰ সোনতলীত মঙ্গলবাৰে কামৰূপ আৰক্ষীয়ে গাঞ্জাৰ বিৰুদ্ধে এক অভিযান চলায়। কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী

Read More...

আজাৰা কাহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত দুদিনীয়াকৈ ৰাজ্যিক ভিত্তিত কৃষক মেলা

আজাৰা, সংবাদ ৩৬৫, ১৭ ডিচেম্বৰ: মানুহ জীয়াই থাকিবলৈ হ'লে সু স্বাস্থ্যৰ অধিকাৰী হ'ব বিচাৰিলে কৃষি ব্যৱস্থা মজবুত কৰা খুবেই

Read More...

Mobile Sliding Menu