গুৱাহাটী, সংবাদ ৩৬৫, ৪ অক্টোবৰ: ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰতৰ পৰা অসমৰ পংকজ জ্যোতি হাজৰিকাই অব্যাহতি বিচাৰিলে। যোৱা ১০ ছেপ্টেম্বৰৰ পৰা ২৮ ছেপ্টেম্বৰলৈ জেনেভাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰ সংঘৰ ৩৯ তম মানৱ অধিকাৰ পৰিষদত প্ৰতিনিধি হিচাপে উপস্থিত থাকি অসম তথা নগাঁও সন্তান পংকজ জ্যোতি হাজৰিকাই ব্ৰিটিছৰ শাসনত থাকিও অসমৰ জাতি জনগোষ্ঠীৰ অস্তিত্ব অক্ষুন্ন আছিল অথচ ভাৰতৰ লগত ৭০ বছৰে সংযুক্ত হৈ থাকি অস্তিত্ব বিপণ্য হোৱাৰ বাবেই অসমক অব্যাহতি দিয়াৰ কথা উল্লেখ কৰে ৰাষ্ট্ৰ সংঘৰ মজিয়াত । বৃহস্পতি বাৰে বিয়লি জেনেভাৰ পৰা উভতি আহি বৰঝাৰ বিমান বিন্দৰত এই কথা ব্যক্ত কৰিলে পংকজ জ্যোতি হাজৰিকাই। জেনেভাৰ পৰা আহি বৰঝাৰ বিমান বন্দৰত উপস্থিত হোৱাত বিভিন্নয় দল সংগঠনে তেওঁক বিমান বন্দৰত সম্ভাষণ জনাই।