কুন্দন ভৰালী

নগাঁও

৭ অক্টোবৰ

নগাঁৱত জিলা কংগ্ৰেছ বহিল সত্যাগ্ৰহত। ৰাহুল গান্ধীৰ ওপৰত উত্তৰ প্ৰদেশ চৰকাৰে কৰা অগণতান্ত্ৰিক আচৰণৰ প্ৰতিবাদত নগাঁও কংগ্ৰেছৰ সত্যাগ্ৰহ। ধৰ্ষণৰ বলি হৈ মৃত্যু হোৱা এগৰাকী যুৱতীৰ পৰিয়ালৰ লোকক সাক্ষাৎ কৰাত ৰাহুল গান্ধীক বাধা প্ৰদনা কৰিলে উত্তৰ প্ৰদেশ চৰকাৰে।

ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ ওপৰত উত্তৰ প্ৰদেশৰ চৰকাৰে কৰা অগণতান্ত্ৰিক আচৰণৰ প্ৰতিবাদত বুধবাৰে নগাঁৱত সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰে নগাঁও জিলা কংগ্ৰেছে। নগাঁৱৰ শ্বহীদ ভৱনৰ সমীপত ৰূপায়িত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, প্ৰাক্তন বিধায়ক ডাঃ দূৰ্লভ চমুৱা, জিলা কংগ্ৰেছৰ সভাপতি তপন কুমাৰ শৰ্মা আদিৰ লগতে যুৱ কংগ্ৰেছ, এন এছ ইউ আই, মহিলা কংগ্ৰেছৰ শতাধিক নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে। কংগ্ৰেছৰ কৰ্মী সকলে হাতে হাতে বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গান লেখা প্লেকাৰ্ড লৈ ৰূপায়ণ কৰে সত্যাগ্ৰহ কাৰ্যসূচী। প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে ‘বেটি পঢ়াও, বেটি বচাও’ শ্ল’গান দিয়া বিজেপি চৰকাৰৰ দিনত বেটি সুৰক্ষিত নহয়। কংগ্ৰেছ দল দেশৰ প্ৰতিগৰাকী বেটিৰ লগত আছে। ৰাহুল গান্ধী উত্তৰ প্ৰদেশত নিৰ্যাতনৰ বলি হৈ মৃত্যু হোৱা এগৰাকী দেশৰ বেটিৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ উত্তৰ প্ৰদেশলৈ গৈছিল। উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰে বাধা প্ৰদান কৰিও ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী বাদ্ৰাক ধৰ্ষণৰ বলি হৈ মৃত্যু হোৱা যুৱতী গৰাকীৰ পৰিয়ালৰ লোকক সাক্ষাৎ কৰাৰ পৰা ৰখাব নোৱাৰিলে। কংগ্ৰেছ দলক ইংৰাজে ৰখাব নোৱাৰিলে বিজেপি কি ৰখাব পাৰিব নেকি বুলি বিজেপিক তীব্ৰ সমালোচনা কৰে ৰকিবুল হুছেইনে।

উল্লেখ্য যে উত্তৰ প্ৰদেশত এগৰাকী যুৱতীক ধৰ্ষণ কৰি আমানৱীয় নিৰ্যাতন চলোৱাত যুৱতী গৰাকীৰ চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটিছিল। ইয়াৰ পিছতে যুৱতী গৰাকীৰ পৰিয়ালৰ লোকক সাক্ষাৎ কৰিবলৈ কংগ্রেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী বাদ্ৰা উত্তৰ প্ৰদেশলৈ গৈছিল যদিও উত্তৰ প্ৰদেশ প্ৰশাসননে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী বাদ্ৰাৰ বাধা প্ৰদনা কৰাৰ লগতে ৰাহুল গান্ধীক গতিয়াই মাটিত পেলাই দিছিল। ইয়াৰ পিছতে সমগ্ৰ দেশজুৰি উত্তৰ প্ৰদেশ আৰক্ষী-প্ৰশাসনৰ লগতে মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল।