কুন্দন ভৰালী

নগাঁও

২০ নৱেম্বৰ

বৃহস্পতিবাৰে গুৱাহাটীত কৃষক নেতা অখিল গগৈৰ চিত্ৰ অংকনত আৰক্ষীৰ বাধা প্ৰদান, শুকুৰবাৰে পুৱাৰে ৰাজ্যজুৰি আৰম্ভ হ’ল অখিল গগৈৰ মুক্তিৰ দাবীত দেৱাল লেখনি। ঠায়ে ঠায়ে দেৱালত অংকন কৰা হ’ল অখিল গগৈৰ চিত্ৰ, বিভিন্ন ঠাইৰ দেৱালে দেৱালে লগাই দিয়া হ’ল কাৰাবন্দী কৃষক নেতা গৰাকীৰ চিত্ৰ।

“কা” আন্দোলনৰ সক্ৰিয় নেতা অখিল গগৈ দীৰ্ঘদিন ধৰি কাৰাবন্দী হৈ আছে। বৃহস্পতিবাৰে অখিল গগৈৰ মুক্তিৰ দাবী জনাই কেইগৰাকী মান চিত্ৰশিল্পীয়ে মহানগৰীৰ গুৱাহাটীৰ লালমাটিত নিধি ভৱনৰ সন্মুখত এখন দলংৰ দেৱালত অংকন কৰিছিল অখিল গগৈৰ চিত্ৰ। দেৱালত অখিল গগৈৰ চিত্ৰ অংকনত চিত্ৰশিল্পী কেইগৰাকীক বশিষ্ঠ আৰক্ষীয়ে বাধা প্ৰদান কৰি আটক কৰিছিল চিত্ৰশিল্পী কেইগৰাকীক। বশিষ্ঠ আৰক্ষীয়ে অখিল গগৈৰ চিত্ৰ অংকনৰ অপৰাধত চিত্ৰশিল্পী কেইগৰাকীক আটক কৰা কাৰ্যৰ পিছতে ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। সামাজিক মাধ্যমত অখিল গগৈক সমৰ্থন জনাই আৰক্ষী তথা চৰকাৰক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছিল।

বৃহস্পতিবাৰে বশিষ্ঠ আৰক্ষীৰ অখিল গগৈৰ চিত্ৰ অংকনত বাধা প্ৰদানৰ পিছতে শুকুৰবাৰে ৰাজ্যজুৰি দেখিবলৈ পোৱা গ’ল ইয়াৰ প্ৰতিক্ৰিয়া। শুকুৰবাৰে পুৱাৰে পৰা ৰাজ্যজুৰি একাংশ ৰাইজ ওলাই আহি অখিল গগৈৰ মুক্তিৰ দাবী জনাই দেৱালত অখিল গগৈক মুক্তি দিয়ক, অখিল গগৈ জিন্দাবাদ শ্ল’গান লেখা পৰিলক্ষিত হয়। একাংশই দেৱালে দেৱালে অখিল গগৈৰ চিত্ৰ অংকন কৰাৰ লগতে ঠায়ে ঠায়ে অখিল গগৈৰ চিত্ৰ আঁৰি দিয়া দেখিবলৈ পোৱা যায়। নগাঁৱত ছাত্ৰ মুক্তিয়ে অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি নগাঁও মহাবিদ্যালয়ৰ পইণ্টত আঁৰি দিয়ে অখিল গগৈৰ চিত্ৰসম্বলিত বেনাৰ।

নগাঁও মহাবিদ্যালয়ৰ পইণ্টৰ লগতে জিলাখনৰ অন্যান্য প্ৰান্ততো অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা যায়। বশিষ্ঠ আৰক্ষীয়ে অখিল গগৈৰ চিত্ৰ অংকনত বাধা প্ৰদানৰ প্ৰতিবাদ জনাই উজনিৰ পৰা নামনিলৈকে প্ৰতিবাদ সাব্যস্ত কৰে অখিল গগৈৰ সমৰ্থক সকলে। উল্লেখ্য যে সমগ্ৰ ৰাজ্যতে “কা” বিৰোধী আন্দোলন তীব্রতৰ হৈ থকা সময়ত ২০১৯ চনৰ ডিচেম্বৰ মাহত কৃষক নেতা অখিল গগৈক আৰক্ষীয়ে যোৰহাটত গ্ৰেপ্তাৰ কৰিছিল।