গুৱাহাটী

৯ জুলাই

কৃষক নেতা অখিল গগৈৰ বাবে উজনি অসমৰ ঘৰে ঘৰে বন্তি প্ৰজ্বলন। কাৰাগাৰৰ ভিতৰত অসুস্থ নেতা গৰাকীৰ আশু আৰোগ্য কামনা কৰি উজনি অসমৰ মহিলা-যুৱতীয়ে ঘৰে ঘৰে প্ৰজ্বলন কৰিলে বন্তি। কিছুদিন ধৰি কৃষক নেতা গৰাকী কাৰাগাৰৰ ভিতৰত জ্বৰ আৰু মূৰৰ বিষত আক্রান্ত হৈ আছে।

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোনত সন্মুখৰ পৰা নেতৃত্বত দিয়া ৰাজ্যৰ নেতা সকলৰ ভিতৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অন্যতম নেতা অখিল গগৈ ৬ মাহতকৈও অধিক কাল ধৰি বন্দী হৈ আছে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত। কাৰকগাৰত বন্দী হৈ থকাৰে পৰা বিভিন্ন সময়ত অখিল গগৈ অসুস্থ হৈ পৰা দেখিবলৈ পোৱা গৈছিল। বৰ্তমান বিশ্বব্যাপী কৰণা ভাইৰাছৰ সংক্ৰমণ অসমত ভয়াবহ ভাৱে বৃদ্ধি পোৱাত কাৰাগাৰৰ ভিতৰত কৃষক নেতা অখিল গগৈ কৰ’ণা ভাইৰাছৰ লক্ষণ দেখা দিছে। ইতিমধ্যে অখিল গগৈৰ স্বাৱ সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ইফালে কৃষক নেতা গৰাকীৰ আশু আৰোগ্য কামনা কৰি বুধবাৰে নিশা উজনি অসমৰ মহিলা-যুৱতী সকলে ঘৰে ঘৰে বন্তি প্ৰজ্বলন কৰে।

অখিল গগৈৰ লগত কাৰাগাৰত বন্দী হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অন্য দুগৰাকী নেতা ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱাল কৰুণা ভাইৰাছত আক্রান্ত হৈছে। ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালক গুৱাহাটীৰ পানবজাৰস্থিত মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত অনাৰ পিছত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দুয়োগৰাকী নেতাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ নিয়া হয়।