ফজলুৰ ৰহমান

সোণতলী

২৩ আগষ্ট

অখিল গগৈ মুক্তিৰ আইনী যুঁজৰ বাবে অসম মিঞা (অসমীয়া) পৰিষদৰ পূজি সংগ্ৰহ কাৰ্যসূচী। অখিক গগৈৰ মুক্তিৰ আইনী যুঁজৰ বাবে মুক্তহস্তে বৰঙণি আগবঢ়ালে ৰাইজে।

অসম মিঞা (অসমীয়া) পৰিষদে দেওবাৰে কামৰূপ জিলা সমিতিৰ উদ্যোগত দক্ষিণ কামৰূপ জিলা সোণতলীৰ ডেকাচাং সপ্তাহিক বজাৰত পুজি সংগ্ৰহ কাৰ্যসূচী চলায় অসম মিঞা (অসমীয়া) পৰিষদ কামৰূপ জিলা সমিতিৰ উদ্যোগত হোৱা পূজি সংগ্ৰহ কাৰ্যসূচীত ৰাইজে সমৰ্থ অনুযায়ী মুক্তহস্তে বৰঙণি আগবঢ়ায়। পূজি সংগ্ৰহ কাৰ্যসূচীত অসম মিঞা (অসমীয়া) পৰিষদৰ কামৰূপ জিলা সমিতিৰ সভাপতি এম মুক্তাৰ মণ্ডলে কয় যে কৃষক নেতা অখিল গগৈক বিজেপি চৰকাৰে ষড়যন্ত্ৰমূলক আৰু অন্যায়ভাৱে বিগত আঠ মাহ ধৰি কাৰাবন্দী কৰি ৰখাটো দূৰ্ভাগ্য জনক।অসমৰ জণনেতা তথা অসমীয়াৰ হকে যুঁজি আহ অখিল গগৈৰ মুক্তিৰ আইনী যুঁজৰ বাবে পূজি সংগ্ৰহ কাৰ্যসুচী অসমীয়া ৰাইজে চলাই নিবলৈ এম মুক্তাৰ মণ্ডলে আহ্বান জনায়।

উল্লেখ্য যে কিছুদিন পূৰ্বে কাৰাবন্দী হৈ থকা কৃষক নেতা অখিল গগৈৰ মুক্তিৰ বাবে আইনী যুজঁ চলাই যাবলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ফলৰ পৰা অসমবাসী ৰাইজৰ পৰা সহায়-সাহায্য বিচাৰি আহ্বান জনোৱা হৈছিক। ইতিমধ্যে অখিল গগৈয়ে আইনী যুঁজৰ বাবে বহু লোক আগুৱাই আহি সাহায্য প্ৰদান কৰিছে।