মানকাচৰ

২৮ মাৰ্চ

অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ শনিবাৰে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হোৱাৰ পিছত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই সমষ্টিয়ে সমষ্টিয়ে নিৰ্বাচনী বতাহ গৰম হৈ উঠিছে। এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় মানকাচৰ সমষ্টি। সমষ্টিটোত এআইইউডিএফৰ প্ৰাৰ্থী গৰাকীয়ে ব্যাপক প্ৰচাৰ অভিযান অব্যাহত ৰখা পৰিলক্ষিত হৈছে। এআইইউডিএফৰ প্ৰাৰ্থী গৰাকীয়ে নিৰ্বাচনী সভাত তীব্ৰ আক্ৰমণ চলাই থকা দেখিবলৈ পোৱা গৈছে বিজেপি-অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামক।

অসম বিধানসভাৰ ১২৬ টা সমষ্টিৰ ভিতৰত ২১ নং মানকাচৰ সমষ্টি এটা অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি। আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ মাজত থকা মানকাচৰ সমষ্টিত এইবাৰ নিৰ্বাচনত ভোটাৰৰ সংখ্যা হৈছে ২,২৬,৬৪৯ গৰাকী ভোটাৰে মুঠ ৮ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব অহা ৬ এপ্ৰিলত অনুষ্ঠিত হ’বলগৰীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত। এইবাৰ বিধানসভা নিৰ্বাচনত মানকাচৰ সমষ্টিত প্ৰাৰ্থীৰ তালিকা দীঘলীয়া হ’লেও সমষ্টিটোত কংগ্ৰেছ-এআইইউডিএফৰ মহাজোঁট বন্ধনৰ সমৰ্থিত এআইইউডিএফৰ মনোনীত প্ৰাৰ্থী আমিনুল ইছলাম আৰু অগপ-বিজেপিৰ মিত্ৰজোঁটৰ সমৰ্থিত অগপৰ মনোনীত প্ৰাৰ্থী জাবেদ ইছলামৰ মাজতেই মূল যুঁজখন হ’ব। বিধানসভাৰ নিৰ্বাচনৰ ক্ষেত্ৰত মানকাচৰ সমষ্টিত দল কেন্দ্ৰিক নহয়, প্ৰাৰ্থী কেন্দ্ৰীক নিৰ্বাচন অনুষ্ঠিত হয় কিন্তু এইবাৰ বিধায়ক ডাক্তৰ মতিউৰ ৰহমান মণ্ডল কংগ্ৰেছৰ পৰা টিকট লাভ নকৰাত তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰি মহাজোঁট বন্ধনৰ এআইইউডিএফৰ প্ৰাৰ্থী আমিনুল ইছলামক সমৰ্থন দিয়াত মানকাচৰ সমষ্টিত এইবাৰ মহাজোঁট বন্ধনৰ প্ৰাৰ্থী জয়ী হোৱাৰ সম্ভাৱনা অধিক যদিও সমষ্টিটোৰ প্ৰাক্তন বিধায়ক জাবেদ ইছলামৰ জনপ্ৰিয়তাই সকলো অংকত আউল লগাব পৰে। ইফালে শনিবাৰে নিশা প্ৰায় ৯ বজাত কংগ্ৰেছ-এআইইউডিএফৰ নেতা কৰ্মীৰ উপস্থিতিত এআইইউডিএফৰ এক বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয়। এআইইউডিএফৰ জিলা সভাপতি নজমুল আৰপিনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত এআইইউডিএফৰ প্ৰাৰ্থী আমিনুল ইছলাম মুখ্য ব্যক্তি হিচাপে উপস্থিত থকাৰ লগতে কংগ্ৰেছ দলৰ ফেকামাৰী আৰু মানকাচৰ ব্লক কংগ্ৰেছৰ সভাপতি, কংগ্ৰেছৰ জিলা কাৰ্যকৰী সভাপতি হাচান সৰকাৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। সভাখনত আমিনুল ইছলাম অগপৰ প্ৰাৰ্থী জাবেদ ইছলামক কঠোৰ সমালোচনা কৰি কয় যে অগপ বিজেপিয়ে মুছলমান সকলৰ অধিকাৰ খৰ্ব কৰিবলৈ আৰম্ভ কৰিছে। বিজেপি চৰকাৰ হোৱা মানে মুছলাম সকলৰ ভূমি আৰু বিধায়ক হোৱাৰ অধিকাৰ নোহোৱা হ’ব। ইফালে এআইইউডিএফৰ জিলা সভাপতি নজমুল আৰপিন কয় যে অগপক ভোট দিয়া মানে বিজেপিক ভোট দিয়া। চাচা-মামাৰ ভোট নালাগে বুলি কোৱা অগপ-বিজেপিৰ নেতাক কিয় মামা-চাচাৰ ভোট লাগে বুলি মন্তব্য প্ৰকাশ কৰি অগপৰ প্ৰাৰ্থী জাবেদ ইছলামক এইদৰে সমালোচনা কৰে নজমুল আৰপিনে।

আনহাতে জিলা প্ৰশাসনে অনুমতি দিয়া এই নিৰ্বাচনী সভাখনত উপস্থিত থকা কংগ্ৰেছৰ জিলা কাৰ্যকৰী সভাপতি হাচান সৰকাৰ এগৰাকী চৰকাৰী কৰ্মচাৰী। তেওঁ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰাজাৱালা হায়াৰ চেকেণ্ডাৰীৰ প্ৰবক্তা। কেৱল তেওঁয়ে নহয় তেওঁৰ দৰে আন দহ-বাৰ জনীয়া শিক্ষক, চৰকাৰী কৰ্মচাৰী দিনত নহয়, নিশা বাদুলিৰ দৰে কাম কৰি এআইইউডিএফৰ প্ৰাৰ্থী গৰাকীক জয়ী কৰায় বুলি মন্তব্য কৰে হাচান সৰকাৰে।