নগাঁও, সংবাদ ৩৬৫, ১৮ মাৰ্চ : বৰ্তমান ৰাজ্যত লোকসভা নিৰ্বাচনৰ সময়। সকলো দল ব্যস্ত মিত্ৰতা অথবা নিমিলা অংক মিলোৱাত।

উল্লেখযোগ্য যে যোৱা কেইমাহমানৰ পূৰ্বে অগপৰ তিনি গৰাকী মন্ত্ৰীয়ে বিজেপি চৰকাৰে অসমৰ ওপৰত জাপি দিয়া জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিলৰ বিৰোধিতা কৰি মিত্ৰ দল বিজেপিৰ পৰা ওলাই আহি মন্ত্ৰীত্ব ত্যাগ কৰিছিল। নাগৰিকত্ব বিলৰ বিৰোধিতা কৰি পদত্যাগ কৰা তিনিগৰাকী মন্ত্ৰীয়ে শেহতীয়াকৈ পুনৰ বিজেপিত যোগ কৰা কথাটো সহজ ভাবে লব পৰা নাই নগাঁও জিলাৰ অগপ কৰ্মীয়ে।

সংবাদমেলত জ্যেষ্ঠ অগপ নেতা অতুল মেধিয়ে কয় যে প্ৰফুল্ল কুমাৰ মহন্ত অকলশৰীয়া নহয়। কেৱল নিৰ্বাচনী আহিলেহে সকলোৰে মনত পৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তলৈ। নগাঁও জিলাৰ অগপ কৰ্মীয়ে বিজেপিৰে হোৱা এই মিত্ৰতাৰ বিৰোধিতা কৰিছে।