নৱজ্যোতি বৰুৱা

চামগুৰি

২১ নৱেম্বৰ

অজানিতে হোৱা ভূল-ক্ৰতিৰ বাবে ক্ষমা বিচৰাৰ লগতে ধন্যবাদ জ্ঞাপন কৰিবলৈ সৰ্বধৰ্মীয় প্ৰাৰ্থনা। বনৰীয়া হাতীৰ পৰা ক্ষমা বিচৰাৰ লগতে ধন্যবাদ বনৰীয়া হাতীক ধন্যবাদ সূচক ভাৱে প্ৰাৰ্থনা কৰাৰ বাবে গাঁৱৰ ৰাইজে
আয়োজন কৰিলে সৰ্বধৰ্মীয় প্ৰাৰ্থনা। বনৰীয়া হাতী আৰু মানুহৰ সংঘাতে ৰাজ্যত ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তে নগাঁও জিলাৰ গঞা ৰাইজৰ বনৰীয়া হাতীৰ পৰা ক্ষমা বিচৰাৰ এক ব্যতিক্ৰমী প্ৰদক্ষেপ।

বনাঞ্চল ধ্বংসৰ ভয়াবহ পৰিনাম ভোগ কৰিছে ৰাজ্যৰ কেইবাখনো জিলাৰ ৰাইজে। দিনক দিনে বনাঞ্চল সংকুচিত হৈ অহাৰ ফলত বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে। বিশেষকৈ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি বনৰীয়া হাতীৰ জাকে পথাৰৰ ধান খাই খেতি পথাৰ নষ্ট কৰাৰ লগতে মানুহৰ ঘৰ-দুৱাৰ ভাঙি সন্ত্ৰাস চলাই অহাৰ খবৰ প্ৰায়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা পৰিলক্ষিত হয়। বিভিন্ন সময়ত বনৰীয়া হাতী আৰু মানুহৰ এই সংঘাত চৰম পৰ্যায়লৈ যোৱাত কেতিয়াবা যদি বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় মানুহ, কেতিয়াবা আকৌ মানুহৰ হাতত প্ৰাণ হেৰুৱাই বনৰীয়া হাতী।

হাতী মানুহৰ এই সংঘাট ৰোধ কৰাৰ বাবে নগাঁও জিলা আৰু কাৰ্বি আংলঙ জিলাৰ সীমান্তৰ হাতীখুলি ৰংহাং গাঁৱত “হাতী বন্ধু” নামৰ এটা স্বেচ্ছাসেৱী সন্থা আৰু চাপানালাৰ প্ৰকৃতি প্ৰেমী যুৱক বিনোদ দুলু বৰাই এক ব্যতিক্ৰম পদক্ষেপ গ্ৰহণ কৰিছে। বনৰীয়া হাতীৰ জাক যাতে পথাৰৰ ধান খাই খেতি তহিলং নকৰে ইয়াৰ বাবে “হাতী বন্ধু” নামৰ এটা স্বেচ্ছাসেৱী সন্থা আৰু চাপানালাৰ প্ৰকৃতি প্ৰেমী যুৱক বিনোদ দুলু বৰাই বনৰীয়া হাতীৰ জাকক খাদ্য যোগান ধৰাৰ বাবে ২০০ বিঘা মাটিত ধান খেতি আৰু ৪০০ বিঘা মাটিত ঔটেঙা, কুম্ভীৰ আৰু নেফিয়াৰ ঘাঁহ ৰোপণ কৰিছিল।দীৰ্ঘদিন ধৰি গভীৰ অৰণ্যৰ মাজত ওৰে নিশা ওজাগৰে থাকি বিনোদ দুলু বৰাসহ পত্নী মেঘ্না ময়ুৰ হাজৰিকাই পৰ্যায় ক্ৰমে বনৰীয়া হাতীক খুৱাই আহিছিল খেতি সমূহ।বনাঞ্চলৰ কাষতে পাহাৰৰ দাঁতিতে ধান খাবলৈ পাই জনাঞ্চলত প্ৰৱেশ কৰা নাছিল বনৰীয়া হাতীৰ জাক।

এই ব্যতিক্ৰমী প্ৰচেষ্টাৰ ফলতে দাঁতি কাষৰীয়া অঞ্চল সমূহত দৰিদ্ৰ কৃষক সকলে সহজে চপাব পাৰিলে সোনোৱালী ধান মুঠি। বৰ্তমান বনৰীয়া হাতীৰ বাবে কৰা ধান খেতি বনৰীয়া হাতীৰ জাকে খাই শেষ কৰিলে। অঞ্চলটোত বসবাস কৰা বিভিন্ন ধৰ্মাৱলম্বী লোকে হাতীখুলি ৰংহাং গাঁৱত এই ব্যতিক্ৰমী প্ৰচেষ্টা সফলতা অৰ্জন কৰাৰ পাছত অজানিতে হোৱা ভূল-ক্ৰতিৰ লগতে বনৰীয়া হাতীক ধন্যবাদ সূচক ভাৱে প্ৰাৰ্থনা কৰাৰ বাবে আয়োজন কৰিলে সৰ্বধৰ্মীয় প্ৰাৰ্থনা। সৰ্বধৰ্মীয় প্ৰাৰ্থনা অনুষ্ঠানত প্ৰতিটো ধৰ্মৰ লোক সকলে নিজা নিজা ধৰ্মৰ এটি এটি প্ৰাৰ্থনা গাই নেদেখা জনৰ ওচৰত সেৱা আগবঢ়াই। সকলো ধৰ্মাৱলম্বী লোকৰ এনে সমূহীয়া প্ৰাৰ্থনাই একটা আৰু ভাতৃত্ববোধৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰাৰ লগতে গজৰাজৰ প্ৰতি মানুহৰ মনত যে ভক্তি ভাৱ আজিও বিৰাজমান তাকেই পুনৰ এবাৰ প্ৰমান কৰিলে।

“হাতী বন্ধু” নামৰ স্বেচ্ছাসেৱী সন্থাৰ লগতে বিনোদ দুলু বৰা আৰু স্থানীয় ৰাইজৰ এনে পদক্ষেপে আগন্তুক দিনত হাতী মানুহৰ সংঘাট ৰোধ কৰাত এক উল্লেখনীয় দিশ হিছাপে বিবেচিত হ’ব। সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত সংঘটিত হোৱা ৰাজ্যৰ অন্যান্য প্ৰান্তত যদি অনুৰূপ ধৰণে বনৰীয়া হাতীৰ বাবে খাদ্য যোগানৰ প্ৰচেষ্টা কৰা হয় তেন্তে বনৰীয়া হাতী আৰু মানুহৰ মাজৰ সংঘাত নিৰ্মূল কৰাটো অসম্ভৱ নহয়। বন বিভাগৰ মূৰৰ কামোৰণী হৈ পৰা বনৰীয়া হাতী আৰু মানুহৰ সংঘাত ৰোধৰ বাবে বন বিভাগে “হাতী বন্ধু” নামৰ স্বেচ্ছাসেৱী সন্থা আৰু বিনোদ দুলু বৰাৰ এই প্ৰচেষ্টাক গ্ৰহণ কৰি সহজে এই দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান কৰিব পাৰি বুলি আশা প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে।