গুৱাহাটী, সংবাদ ৩৬৫, ৫ এপ্ৰিল : অসমৰ যুৱ প্ৰজন্ম তথা নিয়োগ প্ৰত্যাশী নাগৰিকৰ সৱলীকৰণৰ বাবে অহো পুৰুষাৰ্থ কৰা অজিতাক্স ভেঞ্চাৰছ প্ৰাইভেট লিমিটেড এখন অগ্ৰণী প্ৰতিষ্ঠান। বিগত পাঁচটা বৰ্ষৰ পৰা এই প্ৰতিষ্ঠানে ভাৰত তথা অসম চৰকাৰৰ দ্বাৰা , দক্ষতা বিকাশৰ বাবে আয়োজিত বিভিন্ন প্ৰকল্প ৰূপায়িত কৰি আহিছে।

কেলেণ্ডাৰ উন্মোচন কাৰ্য্যসূচীত প্ৰতিষ্ঠানটোৰ পৰিচালন সঞ্চালক অনিতা চৰকাৰে কয় যে বিভিন্ন জাতি, ভাষা,বৰ্ণ, সংস্কৃতিৰে পৰিপুষ্ট বৃহত্তৰ অসমীয়া সমাজলৈ এই কেলেণ্ডাৰ এটি সামান্য অৰিহণা মাত্ৰ। এই কেলেণ্ডাৰৰ জৰিয়তে অসমীয়া সংস্কৃতিৰ চহকী ৰূপৰ লগতে অসমৰ গ্ৰাম্য সমাজৰ প্ৰতি লক্ষ্য ৰাখি অনুস্থিত কৰা প্ৰশিক্ষণ কাৰ্য্যসূচীৰ সামান্য পৰিমাণে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ।

যোৱা ২৮ ফেব্ৰুৱাৰী, ২০১৯ তাৰিখে খানাপাৰাস্থিত হোটেল তাজ ভিভান্তাত অনুষ্ঠিত হোৱা অডিছনৰ পৰা কেলেণ্ডাৰৰ বাবে মডেলসমূহ নিৰ্বাচিত কৰা হয় যাৰ গুৰি ধৰে কাকলি তামুলী চৌধুৰীয়ে। উক্ত অনুষ্ঠানত অসমৰ বিভিন্ন ঠাইৰ পৰা অহা যুৱতীসকলৰ মাজৰ পৰা চাৰিগৰাকী বাচনি কৰা হয়।

ইংৰাজী আৰু অসমীয়া মাহসমূহ সন্নিবিষ্ট হোৱা বাবে কেলেণ্ডাৰখন সকলোৰে বাবে উপযোগী হব বুলি অজিতাক্স ভেঞ্চাৰছ প্ৰাইভেট লিমিটেড আশাবাদী।