গুৱাহাটী, সংবাদ ৩৬৫, ২৯ জুলাই: ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পুৰ্ণাংগ খচৰা প্ৰকাশ পাবলৈ মাজত মাত্ৰ এটা দিন। ৰবিবাৰে গুৱাহাটীত এক সংবাদমেল অনুষ্ঠিত কৰি সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে ৰাজ্যবাসীকআহ্বান জনায় যে ৩০ জুলাই তাৰিখে দিনৰ ১২ বজাত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পূৰ্ণাংগ খচৰা প্ৰকাশৰ পিছত ৰাজ্যত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় ইয়াৰ বাবে সমূহ ৰাজ্যবাসীক অপশক্তিক প্ৰতিহাৰ কৰি শান্তি সম্প্ৰীতি বজাই ৰাখে। সংবাদ মেলত অধিবক্তা নেকিবুৰ জামানে অংশগ্ৰহণ কৰি কয় যে ৰাষ্ট্রীয় নাগৰিক পঞ্জীত প্ৰকৃত ভাৰতীয়ৰ নাম প্ৰকাশ পাব, ইয়াক লৈ যাতে কোনো শংকিত হৈ নাথাকে আৰু যদি কোনো ভাৰতীয় নাগৰিকৰ নাম প্ৰকাশ নাপায় তেন্তে ইয়াৰ বাবে চিন্তিত হ’ব নালাগে। প্ৰকৃত ভাৰতীয়ৰ নাম যদি বাদ পৰে তেন্তে তেওঁলোকে এন আৰ চিত নাম সন্নিবিষ্ট কৰাৰ সুবিধা আৰু সুযোগ পাব। এন আৰ চি প্ৰকাশৰ প্ৰকমুহূৰ্ত্তত একাংশ ৰাজনৈতিক আৰু মৌলবাদী শক্তিয়ে বিধিপখালী দিয়াৰ যি অপচেষ্টা অব্যহত ৰাখিছে সেই অপশক্তি সমূহৰ ষড়যন্ত্ৰ ওফৰাই পেলাবলৈ সকলোকে একগোটহৈ থিয় দিবলৈ সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে আহ্বান জনাইছে।এন আৰ চিৰ সমগ্ৰ প্ৰক্ৰিয়াটো খেলিমেলি লগাবলৈ কিছুমান অপশক্তিয়ে খিলঞ্জীয়া লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰা বা একাংশ খিলঞ্জীয়া লোক ‘ডি’ ভোটাৰ হোৱা সন্দৰ্ভত বিভ্ৰান্তিকৰ পৰিস্থিতিৰে পৰিবেশ নষ্ট কৰাৰ ষড়যন্ত্ৰ অব্যহত ৰখাৰ সন্দেহ প্ৰকাশ কৰিছে সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে। এই ক্ষেত্ৰত পৰিষদে সাৱধানতা গ্ৰহণ কৰিবলৈ ৰাজ্যবাসীক আহ্বান জনাই এনে ষড়যন্ত্ৰৰ বাবে খিলঞ্জীয়া লোক ডি ভোটাৰ হ’ব লগা হৈছে। ষড়যন্ত্ৰকাৰীৰ ষড়যন্ত্ৰ ফলস্বৰূপে হওক বা ভুলক্ৰমেই হওক খিলঞ্জীয়া লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰিলে চিন্তাৰ কোনো কাৰণ নাই। হাতত এমাহ সময় থাকিব এন আৰ চিত নাম অন্তৰ্ভূক্ত কৰাৰ। যি কোনো পৰিস্থিতিতেই খিলঞ্জীয়া লোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হ’ব লাগিব আৰু কোনো কাৰণতে এজনো বিদেশীৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হোৱা মানি লোৱা নহ’ব। একাংশ খিলঞ্জীয়া লোক ‘ডি’ ভোটাৰ হোৱাটো দুৰভাগ্য জনকে নহয় চৰম অপমানজনাক। ইয়াৰ বিৰুদ্ধে অতি শীঘ্ৰে ন্যায়িক ব্যৱস্থা আৰু গণতান্ত্ৰিক কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলিও প্ৰকাশ কৰে পৰিষদে। পৰিষদে ৰাষ্ট্রীয় নাগৰিক পঞ্জীৰ পূৰ্ণাংগ খচৰা প্ৰকাশৰ পূৰ্বে হোজাইৰ বিজেপি বিধায়ক শিলাদিত্য দেৱে বিভিন্ন সাম্প্ৰদায়িক মন্তব্য প্ৰকাশ কৰি থকাৰ বাবে চৰকাৰক শিলাদিত্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী জনায়।