গুৱাহাটী, সংবাদ ৩৬৫, ২৪ জানুৱাৰীঃ গুৱাহাটী মহানগৰীৰ নুনমাটি থানাৰ অন্তৰ্গত নাৰেংগীৰ শান্তি নগৰত বুধবাৰে ৰঞ্জন দেৱনাথ নামৰ এজন লোকৰ দাৰ ঘাপত দুজনকৈ লোক আহত হয়। কৰ্মসূত্ৰে মেঘালয়ৰ নংপুত থকা ৰঞ্জন দেৱনাথে বুধবাৰে শান্তি নগৰৰ নিজৰ ঘৰলৈ আহি নিজৰ ঘৰৰ ওচৰত থকা শিক্ষক দিনবন্ধু দাসৰ ঘৰত প্ৰৱেশ কৰি শিক্ষাকজনক দাৰে ঘপিয়াই গুৰুতৰ ভাবে আহত কৰে। শিক্ষকজনক ঘপিয়াই ৰঞ্জন দেৱনাথ পুনৰ নিজৰ ঘৰলৈ ঘূৰি আহি নিজৰ পত্নীক দাৰে উপৰ্যপৰি আক্ৰমণ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে। স্থানীয় ৰাইজে দুয়োজনকে সংকট অৱস্থাত উদ্ধাৰ কৰি চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। ঘটনাস্থলীত নুনমাটি আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। পেছাত ৰান্ধনী হিচাপে মেঘালয়ৰ নংপুত কৰ্মৰত ৰঞ্জন দেৱনাথে অবৈধ প্ৰেমৰ সন্দেহ কৰি পত্নী অঞ্জু দেৱনাথক আৰু শিক্ষক দিনবন্ধু দাসক দাৰে ঘপিয়াই হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। উল্লেখ্য যে, দিনবন্ধু দাস ভূপেন্দ্ৰ নগৰৰ ডঃ মহেশ্বৰ নেওগ বিদ্যালয়ৰ বিষয় শিক্ষক। শিক্ষক জনৰ প্ৰকৃত ঘৰ পাতাছাৰকুচিত।