হোজাই, সংবাদ ৩৬৫, ১২ জুনঃ কাৰ্বি আংলঙ জিলাৰ ডকমকা কাণ্ডক লৈ সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে মঙলবাৰে হোজাই জিলাৰ লংকাৰ কাকীত কাৰ্বি আংলঙৰ ডকমকাত গুৱাহাটীৰ অভিজিত নাথ আৰু নিলোৎপাল দাস নামৰ দুই যুৱকক অতি নৃশংসভাৱে হত্যা কৰাৰ প্ৰতিবাদত ১২ ঘন্টীয় কাকী বন্ধ কৰাৰ লগতে দোকান-বজাৰ বন্ধ কৰি পথৰ ওপৰত টায়াৰ জ্বলাই ৰাইজে উত্তাল প্ৰতিবাদ সাৱস্ত কৰে। প্ৰতিবাদকাৰী ৰাইজে অসম চৰকাৰ হায় হায়, গৃহ বিভাগ হায় হায়, হত্যাকাণ্ডৰ লগত জড়িত থকা সকলো অভিযুক্তক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক, হত্যাকাৰী সকলক ফাঁচী দিয়ক বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰা প্ৰতিবাদত স্থানীয় ৰাইজৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়েও অংশগ্ৰহণ কৰা পৰিলাক্ষিত হয়।