শিলচৰ, সংবাদ ৩৬৫, ১৬ জানুৱাৰী: প্ৰতিটো টুকুৰাত সৌন্দৰ্যৰ সৈতে শুদ্ধতাৰ বাবে প্ৰখ্যাত অসমৰ অগ্ৰণী জুৱেলাৰী প্ৰতিষ্ঠান মাণিক চান্দ জুৱেলাৰ্ছে ১৬ জানুৱাৰীত শিলচৰত মুকলি কৰে প্ৰতিষ্ঠান খনৰ নৱতম ষ্টৰ। বিপনী খনৰ উদ্বোধন কৰে বিগ বছ ১২ ৰ বিজেতা, টিভি চিৰিয়েল ‘ছছুৰাল ছিমৰ কা’ খ্যাত অভিনেত্ৰী দীপিকা কক্কৰ আৰু মাণিক চান্দ পৰিবাৰৰ জ্যেষ্ঠতম সদস্যা শ্ৰীযুতা কেশৰী দেৱী চোনীয়ে। “এটা ব্ৰেণ্ড হিচাপে, আমাৰ লক্ষ্য হৈছে পূব আৰু উত্তৰ পূব ভাৰতত থকা আমাৰ অনুৰাগীসকলৰ বাবে অলংকাৰসমূহ সহজলভ্য কৰি তোলাটো। বহুতো গ্রাহকে শিলচৰৰ পৰা আমাৰ অন্য বিপনী সমূহত অলংকাৰ ক্ৰয় কৰিব আহে। তেওঁলোকৰ বাবে অধিক সুবিধাজনক কৰি তুলিবলৈ আমি শিলচৰৰ এই বিপনী মুকলি কৰিছোঁ,” – এই বুলি কয় মাণিক চান্দ জুৱেলাৰ্ছৰ সঞ্চালক বি কে চোনীয়ে উক্ত উদ্বোধনী অনুষ্ঠানত। উদ্বোধনী অনুষ্ঠানটোত উপস্থিত আছিল ব্ৰেণ্ডটোৰ অনুৰাগীসকল। প্ৰত্যেকজন গ্ৰাহককে পাৰম্পৰিকভাৱে আদৰা হয়। ২৫০০ বৰ্গ ফুটৰ মাণিকচান্দ জুৱেলাৰ্ছৰ শিলচৰৰ বিপনীখনত প্ৰত্যেক উপলক্ষৰ বাবে হলমাৰ্ক থকা সোণ আৰু প্ৰমাণিত হীৰাৰ বিভিন্ন ধৰণৰ ডিজাইন উপলব্ধ হ’ব। এই বিপনীত বিভিন্ন শৈলীৰ আৰু বিভিন্ন প্ৰকাৰৰ গহনা ভিন ভিন মূল্যত উপলব্ধ হোৱা বাবে ই সকলো ধৰণৰ গহনাৰ চাহিদা পূৰণ কৰিব সক্ষম হব।