বিশ্বনাথ, সংবাদ ৩৬৫, ২২ জানুৱাৰী : যোৱা ১৬ জানুৱাৰীৰ পৰা বোকাখাতৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমে ৰাজ্যৰ বিভিন্ন ঠাইত গীত আৰু বাটৰ নাটকেৰে “কা” বাতিলৰ দাবীত অভিনৱ পন্থা হাতত লৈছে।

বোকাখাতৰ পৰা আৰম্ভ কৰা এই প্ৰতিবাদ শদিয়াৰ পৰা ধুবুৰীলৈকে অব্যাহত থাকিব। কা বাতিলৰ দাবীত কৰা এই অভিনৱ ৰাইজক “কা “ৰ বিৰুদ্ধে সজাগ কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। মঙলবাৰে বিশ্বনাথ চাৰিআলিত উপস্থিত হয় দলটো।

জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ সভাপতিয়ে জানিবলৈ দিয়া অনুসৰি বিশ্বনাথৰ পৰা শদিয়া হৈ ধুবুৰীলৈকে অবিৰত ভাবে” কা “ৰ বিৰুদ্ধে এই প্ৰতিবাদ চলাই লৈ যাব।

যেতিয়ালৈকে “কা” বাতিল নহয় তেতিয়ালৈকে ৰাইজৰ সহযোগত গাঁৱে-ভূঞে প্ৰচাৰ চলাই যাব বু্লি মন্তব্য কৰে সভাপতিয়ে ।