গৰ্গ জ্যোতি দাস
অভয়াপুৰী
৩০ মার্চ

অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান। ২,০৫,৭৪৮ গৰাকীয়ে ভোটাৰে নিৰ্ণয় কৰিব চাৰি গৰাকী প্ৰাৰ্থীৰ ভাগ্য। সমষ্টিটোত প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে ব্যাপক প্ৰচাৰ অভিযান চলাই থকা পৰিলক্ষিত হৈছে। সমষ্টিবাসী ৰাইজ কাৰ পক্ষত থাকিব ইয়াৰ উত্তৰ অহা ২ মে’ত পোৱা যাব।

সমাগত অসম বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দল সমুহৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত উঠা দেখা গৈছে। নিৰ্বাচনৰ দিন যিমানেই চাপি আহিছে সিমানে ৰাজনৈতিক দল সমুহে ভোটাৰ ৰাইজৰ মন জয় কৰাৰ ন-ন কৌশল অৱলম্বন কৰা দেখা গৈছে। দিছপুৰৰ গাদী দখল কৰিবলৈ শাসক-বিৰোধী উভয় শিবিৰে প্ৰচাৰ অভিযান তীব্রতৰ কৰি তুলিছে। ৰাজ্যৰ বিভিন্ন সমষ্টিৰ লগতে বঙাইগাঁও জিলাৰ ৩৫ নং অভয়াপুৰী দক্ষিণ বিধানসভা (অনুঃ) সমষ্টিতো নিৰ্বাচনৰ গৰম বতাহ বলিছে।অহা ৬ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত অভয়াপুৰী দক্ষিণ সমষ্টিত শাসক-বিৰোধীকে ধৰি নিৰ্দলীয় প্ৰাৰ্থী সকলে নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। অনুসূচিত জাতিৰ বাবে সংৰক্ষিত  সমষ্টিটোত মুঠ ২,০৫,৭৪৮ গৰাকী ভোটাৰ আছে। ইয়াৰে ১,০৫,৭০৪ গৰাকী পুৰুষ ভোটাৰৰ বিপৰীতে ১,০০,০৪২ গৰাকী মহিলা আৰু ২ গৰাকী তৃতীয় লিংগৰ ভোটাৰো আছে।

সমষ্টিটোত শাসকীয় দলটোৰ লগতে বিৰোধী আৰু নিৰ্দলীয় প্ৰাৰ্থী সকলে ভোটাৰ ৰাইজক আকৰ্ষণ কৰাৰ বাবে সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰা পৰিলক্ষিত হৈছে। প্ৰচাৰৰ ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁটৰ প্ৰাৰ্থী গৰাকী। মহাজোঁট বন্ধনৰ প্ৰাৰ্থী প্ৰয়াত চন্দন সৰকাৰৰ জ্যেষ্ঠ পুত্ৰ প্ৰদীপ সৰকাৰে সমষ্টিটোৰ প্ৰতিটো অঞ্চলত প্ৰচাৰ কাৰ্য চলোৱা পৰিলক্ষিত হৈছে।