গুৱাহাটী, সংবাদ ৩৬৫, ২৩ মাৰ্চ : কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে অৱশেষত কঠোৰ হ’ল ৰাজ্য চৰকাৰ। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমক লক ডাউন কৰাৰ ঘোষণা কৰিলে। ২৪ মাৰ্চ আবেলি ৬ বজাৰ পৰা ৩১ মাৰ্চ নিশা ১২ বজালৈ অসম লক ডাউন।

সমগ্ৰ বিশ্বতে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিদিনে অতি দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰাত মানৱ জাতিক এই মাৰাত্মক ভাইৰাছৰ পৰা ৰক্ষা কৰিবলৈ বিভিন্ন দেশে লক ডাউনৰ নিচিনা কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে। ভাৰতবৰ্ষ কৰ’ণা ভাইৰাছ সংক্ৰমণৰ ক্ষেত্ৰত ষ্টেজ টু’ৰ পৰা ষ্টেজ থ্ৰী লৈ অগ্ৰসৰ হোৱাৰ পথত। চীন, ইটালী, ফ্ৰান্সৰ নিচিনা ভাৰতবৰ্ষত যাতে কৰ’ণা ভাইৰাছে ষ্টেজ থ্ৰী’ত তাণ্ডৱ চলাবলৈ সক্ষম নহয় এইক্ষেত্ৰত ভাৰত চৰকাৰ তৎপৰ হোৱা দেখা গৈছে। ভাৰত চৰকাৰে ষ্টেজ থ্ৰী’ত কৰ’ণা ভাইৰাছৰ লগত মুকাবিলা কৰাতকৈ এই মাৰাত্মক ভাইৰাছ যাতে তাণ্ডৱ কৰিব পৰা পৰ্যায়লৈ যাবলৈ সক্ষম নহয় ইয়াৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে। সেইহে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ ধাৰা ৰোধ কৰিবলৈ দেওবাৰে “জনতা কাৰ্ফিউ”ৰ নিচিনা সিদ্ধান্ত গ্ৰহণ কৰিছিল। “জনতা কাৰ্ফিউ”ৰ পিছত সোমবাৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে প্ৰতিটো ৰাজ্য চৰকাৰক নিজৰ নিজৰ ৰাজ্যত লক ডাউন কৰিবলৈ আহ্বান জনাইছিল। অসমত বৰ্তমানলৈকে কৰ’ণা ভাইৰাছৰ কোনোধৰণৰ অৱস্থিতি ধৰা পৰা নাই যদিও অসম চৰকাৰে কৰ’ণা ভাইৰাছক কোনো ধৰণৰ সুযোগ দিব বিচৰা নাই।

অসম চৰকাৰে এই ক্ষেত্ৰত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰি ২৪ মাৰ্চৰ আবেলি ৬ বজাৰ পৰা ৩১ মাৰ্চৰ নিশা ১২ বজালৈ অসম লক ডাউন কৰাৰ ঘোষণা কৰিছে। ৰাজ্যৰ স্বাস্থ্য তথা বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম লগ ডাউন কৰাৰ সিদ্ধান্তৰ ঘোষণা কৰি কয় লক ডাউনৰ সময়ত জৰুৰীকালীন সেৱাৰ লগতে খাদ্য সমগ্ৰীৰ দোকান, পেট্ৰল পাম্প, ফাৰ্মাচী খোলা থাকিব। লক ডাউনৰ সময়ত কোনো লোকে ঘৰৰ পৰা ওলাব নোৱাৰিব। মন্ত্ৰী গৰাকীয়ে সকলো অসমবাসী ৰাইজক ঘৰৰ ভিতৰতে থাকিবলৈ আহ্বান জনাইছে।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে সকলোকে এই ভাইৰাছৰ বিৰুদ্ধে সমগ্ৰ বিশ্বই চলাই যোৱা যুদ্ধখনত সহযোগ কৰি যাবলৈ আহ্বান জনাই সকলোকে সজাগ আৰু সতৰ্ক থাকিবলৈ কয়। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লক ডাউনৰ সময়ত চৰকাৰী নিৰ্দেশনা ভংগ কৰা লোকক বিৰুদ্ধে চৰকাৰ অধিক কঠোৰ হোৱাৰ কথাও ঘোষণা কৰে। লক ডাউনৰ সময়ত কোনো লোক ৰাজপথলৈ ওলাই আহিল তেওঁক ৬ মাহৰ বাবে কাৰাদণ্ডলৈ নিক্ষেপ কৰা হ’ব বুলিও জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে।