দৰং, সংবাদ ৩৬৫, ২৫ জানুৱাৰী: কোনোধৰণৰ উন্নত প্ৰশিক্ষণ নোহোৱাকৈ আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰি সোণৰ পদক আৰু ব্ৰঞ্জৰ পদক লাভ কৰি দেশখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ’ল দৰং জিলাৰ খাৰুপেটীয়াতস্থিত “আকামত” নামৰ ব্যক্তিগত শিক্ষানুষ্ঠান খনৰ ছাত্ৰ-ছাত্ৰীসকলে। জানুৱাৰী মাহত অনুষ্ঠিত হোৱা দক্ষিণ এছিয়ান গেমছত বাংলাদেশ, নেপাল, ভুটান, আফগানিস্তান, শ্ৰীলংকাৰ লগতে ভাৰতৰ হৈ অংশগ্ৰহণ কৰিছিল উক্ত বিদ্যালয়খনৰ ৯ জন কৈ ছাত্র ছাত্ৰীয়ে। দক্ষিণ এছিয়ান গেমছৰ “কাৰাটে” আৰু “কুমিট”খেলত অংশগ্ৰহণ কৰি ছাহানুৰ মণ্ডল, আব্দুৰ ৰহিম, ছেমিমা ইয়াছমিন, সাহানুৰ আলম, মাছুদ আফ্ৰিদি, ফখৰুদ্দিন আহমেদ, মুক্তাৰ হুছেইন আৰু সাহ মুস্তাফিজুৰ ৰহমানে “কাৰাটে” আৰু “কুমিট” খেলত অংশগ্ৰহণ কৰি এটা সোণৰ পদক, তিনিটা ৰূপৰ পদক আৰু সাতটা কৈ ব্ৰঞ্জৰ পদক লাভ কৰি দেশখনলৈ গৌৰৱ কঢ়িয়াই আনে। গ্ৰাম্যাঞ্চলৰ পৰা গৈ আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰি কণ কণ ছাত্র ছাত্ৰীয়ে সুনাম কঢ়িয়াই অনাত গৌৰৱবোধ কৰিছে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ লগতে অঞ্চলটোৰ ৰাইজে । আনহাতে পদক লাভ কৰা ছাত্র ছাত্ৰী সকলক কেন্দ্ৰীয় আমছুৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহমান বিশ্বাসৰ উপস্থিতিত আমছুৰ দৰং জিলা সমিতিয়ে সম্বৰ্ধনা জনায় । উন্নত ধৰণৰ প্ৰশিক্ষণ পালে পদক লাভ কৰা ছাত্ৰ ছাত্ৰী সকলে অলিম্পিক খেলত অংশগ্ৰহণ কৰি দেশখনলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশাবাদী বিদ্যালয়খনৰ পৰিচালনা সমিতিয়ে। সেয়েহে অসম চৰকাৰৰ দ্বাৰা ছাত্র ছাত্ৰী সকলক উন্নত ধৰণৰ প্ৰশিক্ষণ দিবলৈ দাবী জনাইছে আমছুৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহমান বিশ্বাসে ।