গুৱাহাটী, সংবাদ ৩৬৫, ৪ মেঃ ৰাজস্থান আৰু উত্তৰ প্ৰদেশত প্ৰৱল বৃষ্টিপাত আৰু ধুমুহাৰ ফলত শতাধিক লোক নিহত হোৱাৰ পিছত এইবাৰ উত্তৰ পূৱৰ প্ৰতি ৰুষ্ট হৈছে প্ৰকৃতি৷ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ জাননী অনুসৰি ৫ মে’ত ধুুমুহা বৰষুন আৰু বতাহে কোবাই যাব অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰকে ধৰি উত্তৰ পূৱৰ কেবাখনো ৰাজ্যক৷ উত্তৰ প্ৰদেশ আৰু ৰাজস্থানত প্ৰৱল বতাহ ধুমুহা, বৃষ্টিপাতে বিধ্বস্ত কৰাৰ পিচতে অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহলৈ সতৰ্কীকৰণ জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বিধংসী ধুমুহা বৰষুণে তচনচ কৰা ৰাজস্থান আৰু উত্তৰ প্ৰদেশত এই পৰ্যন্ত ১০০ জনৰো অধিক লোক নিহত হোৱাৰ লগতে আহত হৈছে ২৫০ৰো অধিক লোক। অসমতো ৫ মে’ত উত্তৰ প্ৰদেশ আৰু ৰাজস্থানৰ নিচিনা পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। প্ৰাকৃতিক দূৰ্যোগৰ সময়ছোৱাত হ’ব পৰা যিকোনো বিপদৰ বাবে গুৱাহাটী মহানগৰীত জাৰি কৰা হৈছে হাই এলাৰ্ট। জিলা উপায়ুক্তই এনডিআৰএফ, এছডিআৰএফকে ধৰি সংশ্লিষ্ট বিভাগসমূহক সাজু হৈ থকাৰ নিৰ্দেশ জাৰি কৰিছে৷ প্ৰাকৃতিক দূৰ্যোগৰ ফলত হ’ব পৰা যিকোনো ক্ষয় ক্ষতি ৰোধ কৰিবৰ বাবে সাজু হৈ আছে দূৰ্যোগ প্ৰশমণ বিভাগ। ধুমুহা, বৰষুণৰ ফলত ৰাইজ যাতে শংকিত নহয় তাৰবাবে সকলোকে সজাগ হৈ থকাৰ আহ্বান জনাইছে দূৰ্যোগ প্ৰশমণ বিভাগে৷