গুৱাহাটী, সংবাদ ৩৬৫, ৬ ডিচেম্বৰ: শিৱম ক্ৰিয়েচনৰ প্ৰযোজনাত নিৰ্মিত পৰিচালক মঞ্জুল বৰুৱাৰ দ্বাৰা পৰিচালিত অসমীয়া চলচ্চিত্ৰ ‘কানীন- এ চিক্ৰেট চাৰ্ছ’-ৰ পোষ্টাৰ শুকুৰবাৰে গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি আই.টি.এ. প্ৰেক্ষাগৃহত উন্মোচন কৰা হয়। অহা ২২ মাৰ্চ, ২০১৯-ত মুক্তি পাবলগীয়া এই চিনেমাখনৰ পোষ্টাৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে চলচ্চিত্ৰখনৰ প্ৰযোজক ড° গোপেন্দ্ৰ মোহন দাস, পৰিচালক মঞ্জুল বৰুৱা, মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী ড° জাহানাৰা বেগম, জনপ্ৰিয় সংগীত পৰিচালিকা/গায়িকা তৰালি শৰ্মাৰ লগতে চলচ্চিত্ৰখনৰ কলা-কুশলীসকল। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বিশিষ্ট সংগীতজ্ঞ প্ৰভাত শৰ্মা, ৰমেন চৌধুৰী, বিশিষ্ট সংগীতজ্ঞ জে.পি. দাস, জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া, গৰিমা শইকীয়া গাৰ্গ, পৰিচালিকা প্ৰেৰণা বৰবৰুৱা, বিশিষ্ট গায়ক কুল বৰুৱা, গায়িকা মালৱিকা বৰা আৰু বিশিষ্ট লেখিকা মনালিছা শইকীয়াৰ উপস্থিতিত চলচ্চিত্ৰখনিৰ ৩ খনকৈ পোষ্টাৰ উন্মোচন কৰা হয়। উল্লেখ্য যে ‘কানীন’ চলচ্চিত্ৰখনে গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱ-২০১৮ত দ্বিতীয় শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। তদুপৰি বহুলভাৱে সমাদৃত অসমীয়া চলচ্চিত্ৰ ‘অন্তৰীণ’-ৰ পিছত এইখন মঞ্জুল বৰুৱাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন ছবি।