বকো, সংবাদ ৩৬৫, ১৮ অক্টোবৰ: স্বৰ্ণকন্যা হিমা দাসৰ পিছতেই পুনৰ এক সুখবৰ কঢ়িয়াই আনিছে দক্ষিণ কামৰূপৰ বকোৰ গোলাপ ৰাভাই। মিষ্টাৰ প্ৰতিযোগিতাত অংশগ্ৰহন কৰিবলৈ ইউৰোপলৈ ৰাওনা হয় গোলাপ ৰাভা। ইউৰোপৰ লিথোৱানিয়াত অনুস্থিত হ’বলগীয়া মিষ্টাৰ ৱৰ্ল্ডৰ শৰীৰ চৰ্চাৰ বাবে মনোনীত হৈছে গোলাপ ৰাভাই। বৃহস্পতিবাৰে পুৱাই বৰঝাৰ বিমানবন্দৰৰ পৰা ৰাওনা হয় গোলাপ ৰাভাই। উক্ত প্ৰতিযোগিতাখন অহা কাইলৈ অৰ্থাৎ ১৯ পৰা ২৩ অক্টোবৰলৈ অনুষ্ঠিত হ’ব এই মিষ্টাৰ ৱৰ্ল্ডৰ প্ৰতিযোগিতাখন। ইয়াৰ বাবে গোলাপ ৰাভাই সমূহ অসমবাসীৰ আশীৰ্বাদ কামনা কৰিছে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও গোলাপ ৰাভাই মিষ্টাৰ ইণ্ডিয়া ২০১৭, মিষ্টাৰ ইণ্ডিয়া ২০১৮, মিষ্টাৰ কামৰূপ, মিষ্টাৰ এছিয়া আদি খিতাপ অৰ্জন কৰিছে ।