গুৱাহাটী, সংবাদ ৩৬৫, ২১ ছেপ্টেম্বৰ: অসমৰ প্ৰথম পেছাদৰী বাস্কেটবল প্ৰতিযোগিতা “বাস্কেটবল চেলেঞ্জাৰ্ছ লীগ” চমুকৈ বি চি এল শনিবাৰ অৰ্থাৎ কাইলৈৰ পৰা গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ বাস্কেটবল ক’ৰ্টত আৰম্ভ হ’ব ৷ স্প’ৰ্টছক্ৰাফ্‌ট মেনেজমেণ্টে অসম বাস্কেটবল সংস্থাৰ সহযোগত আয়োজন কৰিব লগা এই প্ৰতিযোগিতাৰ প্ৰথম ছিজনত অসমৰ ছটা পেছাদাৰী বাস্কেটবল দলে লীগ খিতাপ আৰু দুই লাখ টকা পৰ্যন্ত প্ৰাইজমানীৰ প্ৰতিদ্বন্দ্বিতা কৰিব ৷ প্ৰতিযোগিতাত থাকিব মেন অৱ দ্য মেচ আৰু ‘ম’ষ্ট ভেলুৱেব্‌ল প্লেয়াৰ’ৰ ট্ৰফীও ৷ প্ৰতিটো দলে লীগ পদ্ধতিৰে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব আৰু পইন্ট তালিকাৰ শীৰ্ষ দুই দলে খিতাপৰ বাবে ফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰিব ৷ স্প’ৰ্টছক্ৰাফ্‌ট মেনেজমেন্টৰ সঞ্চালক ডৰিক ৰঞ্জন ডেকাই কয় যে “আমি আশা কৰিছো এই লীগে অসমত পেছাদাৰী বাস্কেটবল যুগৰ সূচনা কৰিব আৰু পৰৱৰ্তী ছিজনসমূহ অধিক বিস্তৃত ৰূপ লাভ কৰিব, কিয়নো অতি কম সময়তে আমি ব্যাপক সঁহাৰি লাভ কৰিছো ৷”