গুৱাহাটী, সংবাদ ৩৬৫, ২৪ মে’ : প্ৰথমে মিষ্টাৰ ইণ্ডিয়া ২০১৭, ২০১৮ৰ খিতাপ আৰু তাৰ পিছত মিষ্টাৰ এছিয়া ২০১৮ খিতাপ অৰ্জন কৰি ডব্লিউ এফ এফ-ডব্লিউ বি বি এফে আয়োজন কৰা মিষ্টাৰ ৱৰ্ল্ড খিতাপ দখল । এইবাৰ পুনৰ ইউৰোপত অনুস্থিত হোৱা প্ৰ’ ৱৰ্ল্ড কাপ ২০১৯ আৰু এমবাৰপ্ৰিক্স ইণ্টাৰনেশ্যনেলৰ খিতাপ দখল কৰিলে অসম সন্তান গোলাপ ৰাভাই ।

যোৱা ১৭ মে’ৰ পৰা ২০ মে’ লৈ অনুস্থিত হোৱা এই খেলত প্ৰায় ৫০ জনৰো অধিক খেলুৱৈক পৰাজিত কৰি অসমৰ লগতে ভাৰতৰ নাম বিশ্বৰ দৰবাৰত উজ্বলালে গোলাপ ৰাভাই । অসমৰ স্বাভিমান গামোছা ডিঙিত আৰু জনজাতিয় পাজাৰ মুৰত লৈ বিজয়ী খিতাপ দখল কৰিছিল গোলাপ ৰাভাই । গোলাপ ৰাভাৰ এই সাফল্যত উৎফুল্লিত পত্নী ।

অৱশেষত ইউৰোপত বিশ্বৰ দৰবাৰত ভাৰতৰ নাম উজ্বলাই আজি নিজ মাতৃভূমি অসমত উপস্থিত হ’ল গোলাপ ৰাভা । বিমানবন্দৰত পত্নীৰ লগতে শুভকাংশীয়ে উষ্ম আদৰণী জনালে গোলাপ ৰাভাক । এই সাফল্যত সুখী গোলাপ ৰাভা ইয়াৰ লগতে অসমবাসীক ধন্যবাদ জনালে গোলাপ ৰাভাই ।