বাইহাটা চাৰিআলিৰ পৰা নীলমণি দাস, সংবাদ ৩৬৫, ২৪জানুৱাৰী: এইবাৰ শাসক-বিৰোধীৰ কেইবাগৰাকী হাইপ্ৰফাইল নেতাক তীব্ৰ সমালোচনা প্ৰবজন বিৰোধী মঞ্চৰ নেতা তথা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উপমন্যু হাজৰিকাৰ। খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষাক অসমৰ প্ৰতিজন ৰাজনৈতিক নেতাই উপেক্ষা কৰাৰ অভিযোগ বিশিষ্ট অধিবক্তাগৰাকীৰ। বৃহস্পতিবাৰে অধিবক্তা গৰাকীয়ে বাইহাটা চাৰিআলিত উপস্থিত হৈ অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থত মনিপুৰৰ লেখীয়াকৈ অসমতো সংৰক্ষন আইন গৃহীত কৰিবলৈ গোঁহাৰি বিতৰণ কৰি ৰাইজক সচেতন কৰাৰ লগতে আহ্বান জনায় জাতি-মাটি-ভেটিৰ শ্লগান দিয়া বিজেপি শাসিত ৰাজ্য চৰকাৰখনক। তেওঁ লগতে কয় যে কেইদিনমান আগতে মনিপুৰ চৰকাৰে এই সংৰক্ষন আইনখন বিধানসভাত সৰ্বসন্মতি ক্ৰমে গৃহীত হোৱাৰ কথা উল্লেখ কৰি এনে আইনখন গৃহীত কৰিবলৈ মাত্ৰ ৬৪জন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন। কিন্তু অসমৰ শাসনাধিস্থত বিজেপি মিত্ৰজোট চৰকাৰে খিলঞ্জীয়াৰ ভোটেৰে বিগত বিধান সভা নিৰ্বাচনত জয়ী হৈ ৮৭ জন বিধায়ক থকাৰ পিছতো কিয় উত্তৰ-পূৱৰ অইন ৰাজ্যৰ নিচিনাকৈ অসমত প্ৰয়োগ কৰিব নোৱাৰা বিষয়টোয়ে সন্দেহৰ সৃষ্টি কৰিছে। যদিহে অনাগত দিনত এই আইনখন অসম চৰকাৰে বিধান সভাত গৃহীত কৰিব নোৱাৰে তেন্তে অসমত খিলঞ্জীয়াই ভোটৰ সংগ্ৰাম আৰম্ভ কৰিব বুলি ষ্পষ্ট কৰে অধিবক্তা গৰাকীয়ে। আনহাতে তেওঁ কয় যে কোনোধৰনৰ প্ৰবজনকাৰী যাতে নতুনকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক বা আন উপায়ে সংস্থাপিত নহয় সেয়াও উল্লেখ কৰে। অৱশেষত খিলঞ্জীয়াৰ সুৰক্ষিত হোৱাৰ লগতে অনাগত দিনত জাতিটো সংখ্যালঘু নহ’বলে তিনিটা পদক্ষেপ অনিবাৰ্য বুলি সংবাদ মাধ্যমৰ আগত তেওঁ এনেদৰে কয়।