ছৰফৰাজ খান

গুৱাহাটী

৪ অক্টোবৰ

এ পি এছ চি কেলেংকাৰীৰ পিছতে দ্বিতীয়টো বৃহৎ নিযুক্তি কেলেংকাৰী অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তিৰ কেলেংকাৰী। সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ বৰ্তমান মূৰৰ কামোৰণী এই নিযুক্তি কেলেংকাৰী। আৰক্ষীয়ে অতি তৎপৰতাৰে এই কেলংকাৰীৰ তদন্ত চলাই থকা দেখিবলৈ পোৱাৰ মাজতে মুখ্যমন্ত্ৰী সৰ্বান্দন সোণোৱালৰ ভূমিকাও কঠোৰ।

ৰাজুজুৰি এতিয়া কেৱল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ কেলেংকাৰীৰ চৰ্চা। চৰ্চা কেৱল এই বৃহৎ কেলেংকাৰীৰ মূল অভিযুক্ত বিজেপি নেতা দিবন ডেকা আৰু প্ৰাক্তন আৰক্ষী বিষয়া প্ৰশান্ত কুমাৰ দত্তৰ। বৰ্তমান এই কেলংকাৰী লগত জড়িত এজন মূল অভিযুক্ত দিবন ডেকাসহ কেলংকাৰীত নাম সাঙোৰ খোৱা কেইবাজনো লোক আৰক্ষীৰ জালত যদিও প্ৰাক্তন আৰক্ষী বিষয়া প্ৰশান্ত কুমাৰ দত্ত এতিয়াও পলাতক অৱস্থাত আছে।

নিশ্চয় কৈ বিজেপি চৰকাৰৰ দিনত আৰু বিজেপি নেতা জড়িত থকা এই কেলেংকাৰী চৰকাৰখনৰ স্বচ্ছ প্ৰতিচ্ছবিৰ ওপৰত এক দাগ লগাইছিল কিন্তু আৰক্ষী নিযুক্তি প্ৰক্ৰিয়াৰ কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ স্থিতি বৰ্তমানলৈকে কঠোৰ দেখিবলৈ পোৱা গৈছে।

এতিয়াও বিয়াগোম এ পি এছ চিৰ তদন্ত চলি আছে যদিও ইয়াৰ মাজতে এ পি এছ চি পৰীক্ষাৰ অনুৰূপ ধৰণে সংঘটিত হৈছে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ কেলেংকাৰী। অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাত সংঘটিত হোৱা ব্যাপক দুৰ্নীতি ৰোধ কৰাৰ হেতু কোনো লোকে আদালতৰ দ্বাৰস্থ নোহোৱাকৈ স্বয়ং মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অতি ক্ষিপ্ৰত্তাৰে এই কেলেংকাৰীৰ তদন্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰাত বৰ্তমানলৈকে বহু লোক জালত পৰিছে।

কেলেংকাৰীৰ অন্যতম মূল অভিযুক্ত দিবন ডেকা আত্মসমৰ্পণ কৰিবলৈ আহি গ্ৰেপ্তাৰ হোৱাৰ পিছতো ৰাজ্যিক বিজেপিয়ে দিবন ডেকাক বিজেপিৰ সদস্য পদৰ পৰা নিলম্বন কৰাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড দুৰ্নীতিৰ সদাগৰ খ্যাত প্ৰাক্তন আৰক্ষী বিষয়া প্ৰশান্ত কুমাৰ দত্তৰ তদন্তৰ ভাৰ ই ডি’ক অৰ্পণ কৰিছে।

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তিৰ কেলেংকাৰী পোহৰলৈ অহাৰ পিছতে সাধাৰণ জনতাই এই নিযুক্তি প্ৰক্ৰিয়াৰ দুৰ্নীতিৰ লগতে অন্যান্য দুৰ্নীতিৰ ঘটনাবোৰৰ ক্ষেত্ৰতো ক্ষিপ্ৰতাৰে তদন্তৰ ব্যৱস্থা কৰি কেলেংকাৰীবোৰৰ লগত জড়িত দোষী ব্যক্তি সকলক দৃষ্টান্তমূলক শাস্তি প্ৰদনাৰ দাবী উত্থাপন কৰিছে। মুখ্যমন্ত্ৰীয়ে প্ৰতিটো নিযুক্তি বৰ্ড’ত খিলঞ্জীয়া অসমীয়া বিষয়াক দায়িত্ব প্ৰদান কৰা উচিত বুলিও সাধাৰণ জনতাই দাবী জনাইছে।

এতিয়াৰ পৰা যাতে কোনো নিযুক্তি প্ৰক্ৰিয়াতেই দুৰ্নীতি সংঘটিত নহয় ইয়াৰ সুনিশ্চিত ব্যৱস্থা গ্ৰহণ খোদ মুখ্যমন্ত্ৰীয়ে কৰি দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা প্ৰতিষ্ঠা কৰিলে সৰ্বানন্দ সোণোৱালৰ সু-ভাৱমূৰ্তি অক্ষুন্ন ৰাখিবলৈ সক্ষম হ’ব বুলি সচেতন মহলে আশা কৰিছে।