গুৱাহাটী

৩ অক্টোবৰ

অসম আৰক্ষীৰ নিযুক্তি কেলেংকাৰীকলৈ পুনৰ উত্তাল প্ৰতিবাদ যুৱ কংগ্ৰেছৰ। যুৱ কংগ্ৰেছৰ প্ৰতিবাদকলৈ দিছপুৰত এক যুদ্ধ সদৃশ পৰিৱেশ দেখিবলৈ পোৱা যায়। শতাধিক যুৱ কংগ্ৰেছৰ শতাধিক কৰ্মীৰ লগতে আৰক্ষীয়ে আটক কৰে সাংসদ গৌৰৱ গগৈসহ কেইবাগৰাকী কংগ্ৰেছ নেতাক।

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু এই ঘটনাৰ অন্যতম মূল অভিযুক্ত বিজেপি নেতা দিবন ডেকা গ্ৰেপ্তাৰ হোৱাৰ পিছতে এই সমগ্ৰ ঘটনাৰ লগত বিজেপি দলৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল জড়িত থকাৰ অভিযোগ কংগ্ৰেছ দলৰ। প্ৰশ্নকাকত ফাদিল ঘটনাক লৈ কংগ্ৰেছ দলে ধাৰাবাহিকভাৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিজেপি দলক চলাই আছে। শনিবাৰে অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল পোনপটীয়াভাৱে জড়িত থকাৰ অভিযোগ উত্থাপন কৰি যুৱ কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ পদত্যাগ আৰু আৰক্ষী নিযুক্তি প্ৰক্ৰিয়াৰ তদন্ত চি বি আইৰ দ্বাৰা কৰাৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। যুৱ কংগ্ৰেছৰ কেইবা শতাধিক কর্মী দিছপুৰস্থিত মানবেন্দ্ৰ শৰ্মা ভৱনত উপস্থিত হৈ সচিবালয় ঘেৰাও কার্যসূচী ৰূপায়ন কৰিলৈ প্ৰতিবাদী সমদল উলিয়াবলৈ চেষ্টা চলাওঁতে আৰক্ষীয়ে যুৱ কংগ্ৰেছৰ শতাধিক কর্মীক আটক কৰে। আৰক্ষীয়ে প্ৰতিবাদস্থলীৰ পৰা সাংসদ গৌৰৱ গগৈ, বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু ৰকিবুল হুছেইনকো আটক কৰে। যুৱ কংগ্ৰেছৰ প্ৰতিবাদকলৈ মানবেন্দ্ৰ শৰ্মা ভনৱন সন্মুখত এক যুদ্ধ সদৃশ পৰিৱেশ দেখিবলৈ পোৱা যায়।

ইফালে প্ৰতিবাদস্থলীত উপস্থিত থাকি কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈক বিজেপি দলক তীব্ৰ আক্ৰমণ কৰি কয় যে আগন্তক ২০২১ ত কংগ্ৰেছ দলে চৰকাকৰ গঠন কৰি পোন প্ৰথমে “কা” বাতিল কৰাৰ বাবে আইনী যুঁজত অৱতীৰ্ণ হ’ব। বিধায়ক ৰেকিবুদ্দিন আহমেদে কয় যে কংগ্ৰেছ চৰকাৰক আহিলে বিজেপিৰ সকলো কেলেংকাৰীৰ তদন্ত কৰা হ’ব। আৰক্ষী আৰু যুৱ কংগ্ৰেছৰ প্ৰতিবাদকাৰীৰ মাজত হোৱা খণ্ডযুদ্ধত কেইবাগৰাকী প্ৰতিবাদকাৰী আঘাতপ্ৰাপ্ত হয়।