গুৱাহাটী, সংবাদ ৩৬৫, ১২ অক্টোবৰ: অসমীয়াৰ বাবে গৌৰৱ এগৰাকী অসমীয়া ছাত্ৰ কৌস্তৱ বি আৰ্য। বিশ্বৰ বিজ্ঞান জগতত অসম ছাত্ৰজনৰ খলকনি। থিয়ৰী অফ ডিৰেকচনৰে বিশ্বমুখী যাত্ৰা অসম জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ কৌস্তৱ বি আৰ্যৰ। কৌস্তৱ বি আৰ্যক ফিনলেণ্ড আৰু ইটালীলৈ নিমন্ত্ৰণ। একমাত্ৰ অসম সন্তান নোভাল ভেষ্ট আৰু থিয়ৰি অফ ডিৰেক্টচনৰ বাবে ফিনলেণ্ড আৰু ইটালীত অনুষ্ঠিত হব লগা “৩১ মেটেৰীয়েল চাইন্স কনফাৰেন্স; এডভেন্সমেণ্ট এণ্ড ইনভেচন” আৰু “ৱৰ্ল্ড মেগনেটিক মেটেৰীয়েল চামিত” লৈ আমন্ত্ৰণ লাভ কৰিছে অসম জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ কৌস্তৱ বি আৰ্যই। অহা ১৫ অক্টোবৰৰ পৰা ১৭ অক্টোবৰ আৰু ২১ ৰ পৰা ২৩ অক্টোবৰলৈ হ’বলগীয়া দুয়োখন সন্মিলনত কৌস্তৱ বি আৰ্যই নিজৰ উদ্ভাৱনৰ উপৰত বক্তৃতা দিয়াৰ উপৰিও অন্য দেশৰ বহু বিদ্যালয়ৰ সৈতে কলাবৰেছন প্ৰজেক্ট আৰম্ভ কৰিব। এই কথা ঘোষণা কৰে অসম জাতীয় বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সচিব ডঃ নাৰায়ণ শৰ্মাই । অসম জাতীয় বিদ্যালয়ৰ প্ৰাঙ্গনত আয়োজন কৰা এক সংবাদ মেলত কয় যে, থিয়ৰী অফ ডিৰেকচন, গাড়ীৰ দ্বাৰা ধূলি নিষ্কাষণত বাধা, ভৱিষ্যত এফ ডি হেলমেট, নোভাল ভেষ্ট এই সকলোবোৰ অসম জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ কৌস্তৱ বি আৰ্যৰ তত্ত্বক মৌলিক আখ্যা দি বিশ্ব ইতিহাসত সৰ্বপ্ৰথম বাৰৰ বাবে আমেৰিকান ফিজিকেল ছোচাইটিয়ে আণ্ডাৰ গ্ৰেজুৱেট ৰিচাৰ্জ মেম্বাৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে। ভৱিষ্যত হেলমেটৰ ওপৰত কৰা গুৰুত্বপূৰ্ণ গৱেষণা আৰু ধাৰণাৰ বাবে ইউ এছ অ ষ্টেণ্ড ফৰ্ড ইউনিভাৰ্চিটি আৰু গুগল এইচ কিউলৈ গৱেষক হিচাপে আমন্ত্ৰণ কৰিছে বুলি ডঃ শৰ্মাই কয় যে, এই সন্মিলনত বিশ্বৰ বিভিন্ন গৱেষক তথা বিজ্ঞানীৰ লগত গৱেষণা কৰাৰ সুযোগ পাব। বিশ্ব বিখ্যাত জাৰ্নেল নেনো টেকণলজি এণ্ড এপলিকেচন ত থিয়ৰী অফ ডিৰেকচন প্ৰকাশ পাব বুলি সন্থাটোৱে ই মেইল যুগে সদৰী কৰি ছাত্র জনৰ এই তত্ত্বক যুগান্তকাৰী আখ্যা দিছে। জাৰ্মানীৰ পদাৰ্থ বিজ্ঞনী এলিজাবেথ স্কনী ৰ সৈতে ছাত্র জনে সহযোগী গৱেষক হিচাপে কাম কৰি আছে। আই এ এছ এছ টি বিজ্ঞনী অধ্যাপক ডঃ নীৰৱ চন্দ্ৰ অধিকাৰীৰ সৈতে কৌস্তভে কেইবাটাও গৱেষণাৰ কাম কৰি আছে। সংবাদ মেলত ভাগ লৈ ছাত্র কৌস্তভে তেওঁৰ গৱেষণাৰ ওপৰত বিস্তৃত ব্যাখ্যা কৰে। সংবাদমেলত গৌৰৱ অনুভৱ কৰি কৌস্তভে তেওঁৰ এই কৃতিত্বৰ আঁৰত পিতৃ ডঃ বসন্ত কুমাৰ বৈশ্য আৰু মাতৃ কুইন তালুকদাৰ বৈশ্য ,শিক্ষক পংকজ দত্তৰ অৰিহণা আছে বুলি উল্লেখ কৰে।