নিউজ ডেস্ক 

১৫ জুন

দিল্লীৰ হিংসাত্মক ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত কাৰাবন্দী হৈ থকা অসম কন্যা দিবাংগনা কলিতাসহ অন্য দুজন অভিযুক্তই লাভ কৰিলে জামিন। দিল্লী উচ্চ ন্যায়ালয়ে মঙলাবাৰে তিনি অভিযুক্তক জামিন প্ৰদান কৰে। “কা” আন্দোলনৰ সময়ৰ গ্ৰেপ্তাৰ কৰা হৈছিল তিনিওকে।

দীৰ্ঘদিন কাৰাবন্দী হৈ থকা অসম কন্যা দিবাংগনা কলিতাই অৱশেষ লাভ কৰিলে জামিম। দিল্লী উচ্চ ন্যায়ালয়ে মঙলাবাৰে দিবাংগনা কলিতাৰ জামিন মঞ্জুৰ কৰে। “কা” আন্দোলনৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল অসম কন্যা দেবাংগনা কলিতাই। “কা” আন্দোলনৰ প্ৰতিবাদে দিল্লীত হিংসাত্মক ঘটনাৰ ৰূপ ধাৰণ কৰাত কেইবা গৰাকী লোক মৃত্যুৰ মুখত পৰিছিল।

দিল্লীত কা আন্দোলন হিংসাত্মক ৰূপ ধাৰণ কৰাৰ দিল্লী আৰক্ষীয়ে এই হিংসাত্মক ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত দিবাংগনা কলিতাক গ্ৰেপ্তাৰ কৰিছিল। তেতিয়াৰে পৰা কাৰাবন্দী হৈ আছিল দিবাংগনা কলিতা। দিবাংগনা কলিতাৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নাটাশা নাৰৱাল আৰু আছিফ ইকবল তানহাইক।

দিবাংগনা কলিতাক ৫০ হাজাৰ টকাৰ ব্যক্তিগত বণ্ডত জামিন প্ৰদান কৰে দিল্লী উচ্চ ন্যায়ালয়ে। দিল্লী হিংসাত্মক ঘটনাৰ লগত জড়িত থকা তিনিও অভিযুক্তই দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিছে।

উল্লেখ্য যে অসম কন্যা দিবাংগনা কলিতা আৰু নাটাশা নাৰৱাল জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰী। আনহাতে দিল্লীৰ হিংসাত্মক ঘটনাৰ লগত জড়িত থকা অভিযোগত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আছিফ ইকবল তানহাই জামিয়া মিলিয়া ইছলামীয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰ।